কাঠনিবাৰী ঘাট
ঘাট, অপৰাজিত, টোপ, ফাদাৰ এণ্ড চন এণ্ড . কোম্পানী, এচেৰেঙা স্মৃতিৰ জোনাক, ওচৰ চুবুৰীয়া , চক্রবৎ ,আঙুলি ,নি:সন্দেহ ,তৃতীয় শ্রেণীৰ যাত্রী ,ৰস ,মাছ আৰু মানুহ আদি ১২, টা গল্পৰ সংকলন "কাঠনিবাৰীৰ ঘাট"৷
![]() |
Kathanibari-ghat |
১৯৪৭ চনৰ পৰা ১৯৬০ চনৰ ভিতৰত গল্প সমূহ ৰচনা কৰা হৈছিল।
সাৱলীল বর্ণনা আৰু অসমীয়া গাঁৱলীয়া জীৱনৰ লগত প্রত্যক্ষ পৰিচয় , খাঁটি নিভাঁজ অসমীয়া ঠাঁচৰ ভাষা প্রয়োগে মহিম বৰাৰ গল্পসমূহত এক সুকীয়া মাত্রা প্রদান কৰে।
মহিম বৰাৰ গল্পসমূহত এক আমেজ আছে। প্রতিটো গল্পই জীৱনৰ সৰু সাধাৰণ ঘটনাবোৰক নতুন দৃষ্টি দিয়ে।
কাঠনীবাৰীৰ ঘাটটোৰ কেঁচা কেঁচা গোন্ধটো নাকত লাগেহি ৷ ভূধৰ শইকীয়াৰ চিলাইৰ দোকানখন, দেউলীয়া হোৱা গোপালৰ ফাদাৰ এণ্ড ছন এণ্ড কোম্পানী নামৰ গেলা মালৰ দোকানখন, হৰিবল ককাৰ চাহৰ খোলাটো চকুৰ আগত ভাঁহে৷ গ্রন্থ খনত সন্নিবিষ্ট 'মাছ আৰু মানুহ ' গল্পটো ইলাষ্ট্রেটেড উইক্ লিত প্রকাশিত ইংৰাজীৰ পৰা অনুবাদ ৷ গল্পটোৰ সম্পর্কত হেম বৰুৱাই চিঠিত লিখিছিল "... কোনো কোনোৱে কৈছে : অসমীয়া গল্প আন ভাৰতীয় ভাষাৰ গল্পত কৈও আগবঢ়া.... কেৱল এজনবিদেশী মানুহৰ চিঠি এখনেহে অন্য ধৰণে মন্তব্য কৰিছে ৷ তেওঁ লিখিছে: Your translation in most brilliant but western reader might Compare the "Fish and the man unfavourably with Hemingway''s 'THE OLD MAN AND THE SEA'.
এইষাৰ কথা পঢ়িহে মনটো সেমেকি আছে... "
গম পোৱা যায় বৰাদেৱৰ গল্পৰ গভীৰতা ৷
জীৱন কেন্দ্রিক অথচ সাধাৰণ দৃষ্টি অতিক্ৰম কৰি মহিম বৰাৰ গল্পসমূহে এক আকৰ্ষণীয়তা লাভ কৰিছে ৷ সাধাৰণ চৰিত্র আৰু কাহিনীৰ মাজেৰে জীৱনৰ চূড়ান্ত উপলব্ধি প্রদান কৰিছে ৷ ভাল ভাল লগা ভাৱটোয়ে শেষ হবলৈ লোৱা গল্পটোৰ শেষৰ শাৰীটোৱেও কাৰুণ্যতাৰ দোলা দি যায় ৷ বৃদ্ধি পায় ঔৎসুক্যতাৰ তীব্রতা ৷ প্রতিটো গল্পই জীৱনৰ পাঠ শিকায় ৷ জীৱন নাটৰ অনিশ্চয়তাই চুই যায় পাঠকক৷
মহিম বৰাৰ গল্প সম্পর্কে ড০ হীৰেন গোঁহাই দেৱে লিখিছে ".... public ৰ ৰুচি সম্পর্কে সম্পূৰ্ণ উদাস হীন বাবেই নেকি মহিম বৰাৰ গল্পই ব্যক্তি জীৱনৰ সংকীর্ণ গণ্ডী চেৰাই জীৱন- ৰহস্যৰ ভিত্তিত উপস্থিত হৈছেগৈ। 'টোপ ', ' ৰস ' প্রভৃতি গল্পত কোনো বিশেষ চৰিত্ৰৰ বৈশিষ্ট্যতে গল্পৰ আৱেদন সীমাৱদ্ধ নহয় বৰং অনুমান হয় যেন মানৱ জীৱনৰ কেতবোৰ মৌলিক সমস্যাৰ ওপৰত তেনে গল্পই আলোকপাত কৰিছে। আমাৰ ব্যক্তি কেন্দ্রিক সমাজৰ দৃষ্টিকোণ অতিক্রম কৰিব পৰাটো বৰাৰ প্ৰখৰ চেতনা আৰু শিল্পী সুলভ তন্ময়তাৰ পৰিণাম ৷