কাঁইটত কেতেকী
অসমৰ এগৰাকী অগ্ৰজ, স্বনামধন্য সাহিত্যিক অৰূপা পটংগীয়া কলিতাৰ প্ৰথমখন কিশোৰ উপন্যাস 'কাঁইটত কেতেকী'। কিতাপ খন প্ৰথম প্ৰকাশ হৈ ওলাইছিল ১৯৯৮ চনত যাৰ বজাৰ মূল্য ৩০ টকা।
কিতাপখনৰ আগকথাতেই কিতাপখনৰ সৃষ্টিৰ সন্দৰ্ভত লেখিকাগৰাকীয়ে মন্তব্য আগবঢ়াইছে এইদৰে--
" হিংসাৰ মূলমন্ত্ৰৰে দীক্ষিত আমাৰ সমাজখনে শিশুসকলৰ পৰা কাঢ়ি নিছে সিহঁতৰ মনোৰম পৃথিৱীখন , ফুলৰ সলনি হাতত তুলি দিছে বন্দুক, সৃষ্টিৰ সিহঁতক আগবঢ়াই দিছে ধ্বংসৰ পথত।আমাৰ সন্তানক মৰম আৰু বিশ্বাস, সৌন্দৰ্য আৰু সৃষ্টিৰ কথা ক'বলৈ যাওঁতেই 'কাঁইটত কেতেকী'ৰ জন্ম হ'ল"। অভিভাৱক,সমাজৰ দৃষ্টিত এককথাত উদণ্ড, ধ্বংসকাৰী এটা শিশুৰ মানসিক অৱস্থাৰ বৰ্ণনা দিবলৈ যাওঁতে শিশুটিৰ তেনে ব্যৱহাৰৰ প্ৰকৃত অন্তর্নিহিত কাৰণ সম্পৰ্কেও দৃষ্টি আকৰ্ষণ কৰিছে।
কাঁইটত কেতেকী |
কিতাপখনৰ মূল চৰিত্ৰ 'জানমণি' আপাতত এটা উদণ্ড, দুষ্ট, বেয়া ল'ৰা যি ঘৰৰ, স্কুলৰ আইনাৰ গ্লাছ ভঙা, বাচন-বর্তন ধ্বংস কৰা, পঢ়া-শুনাৰ প্ৰতি অমনোযোগী হোৱা নিয়মিত অভ্যাস।কিন্তু এই দুষ্ট প্ৰকৃতিৰ ল'ৰাটোৰো আন আন ভাল দিশ নথকা নহয় যিবোৰ প্ৰকৃততে বৰ্হিপ্ৰকাশ ঘটা নাই।অগ্ৰজ সকলৰ প্ৰতি শ্ৰদ্ধাশীল, অনুজ সকলৰ প্ৰতি দয়াশীল ল'ৰাটো ছবি অঁকাত পাৰ্গত। জানমণিৰ এই উদণ্ড স্বভাৱৰ কাৰণ হিচাপে লেখকে অভিভাৱকৰ জানমণিৰ প্ৰতি কৰা ব্যৱহাৰ য'ত তাৰ দুষ্টামিত তাৰ সৈতে ভালকৈ কথা বতৰা পাতি ভাল কৰিবলৈ যত্ন কৰাৰ পৰিৱৰ্তে চৰ, ভুকুৰে শাস্তি প্ৰদান কৰে। স্কুলৰ শিক্ষয়িত্ৰী গৰাকীয়ে 'ৰটেন পটেট' বুলি তাক সকলোৰে আগত তিৰস্কাৰ কৰা কাৰ্যটোৱেও যে সময়ত শিশুজনৰ মনত বিৰূপ প্ৰভাৱ পেলাব পাৰে তাক লেখিকা গৰাকীয়ে প্ৰকাশ কৰিছে।
জানমণিৰ মনত মৰম ভালপোৱা জগাই তুলি তাক সংযমশীল কৰি তুলিলে 'ভুলু' নামৰ কুকুৰ টোৱে। সি ভুলুক খুব ভালপাবলৈ ল'লে আৰু তাৰ সৈতে সময় অতিবাহিত কৰিবলৈ ল'লে, সি দেখিলে যে কুকুৰ হৈও ভুলুৰ লগ ফুটুকী আৰু মিচি নামৰ কুকুৰা দুজনী। ভুলুয়েই জানমণিক সলনি কৰিবলৈ ল'লে কিন্তু তেনেসময়তেই ভুলুৰ মৃত্যু হ'ল যি ঘটনাই তাক চৰম আঘাত দিলে। কোনো কামলৈকে মন নকৰা জানমণিৰ মন ভাল লগাবলৈকে পতা ভুলুৰ শ্ৰাদ্ধত সি ভুলুৰ এখন ছবিও আঁকিলে। উদণ্ড, ধ্বংসকাৰী এটা ল'ৰাৰ পৰা সৃষ্টিশীল মনৰ এটা ল'ৰালৈ সলনি হোৱা শিশু এটাৰ মনস্তাত্বিক বৰ্ণনাৰে কিশোৰৰ বাবে উপযোগী এক উপন্যাস ' কাঁইটত কেতেকী'।