লা নুই বেংগলী || La Nui Bengali || Arundhoti Rajkhowa Saikia || Book Review

লা নুই বেংগলী


'লা নুই বেংগলী' কিতাপ খন ৰোমান ভাষাত ৰচিত প্ৰেমৰ উপন্যাস 'Maitrey' ৰ অসমীয়া অনুবাদ।মূল কিতাপখন ১৯৩৩ চনত ৰোমান দাৰ্শনিক, লেখক মির্চা ইলিয়াডে লিখি উলিয়াইছিল, যাৰ জনপ্ৰিয়তাৰ বাবেই পিছৰ সময়ত বিভিন্ন ভাষালৈ অনুবাদিত হৈছে। কিতাপখনক অসমীয়ালৈ অনুবাদ কৰি অসমৰ পাঠকক  সোৱাদ দিলে অৰুন্ধতী ৰাজখোৱা শইকীয়াই। কিতাপখন প্ৰথম প্ৰকাশ হৈ ওলাইছিল ২০০২ চনত যাৰ বজাৰ মূল্য ১০০ টকা।


La_Nui_Bengali Arundhoti_Rajkhowa_Saikia
লা নুই বেংগলী 

কিতাপখন লেখক মির্চা ইলিয়াডৰ আত্মজীৱনীমূলক প্ৰেমৰ উপন্যাস। যিখন তেওঁ ৰচনা কৰিছিল ভাৰতত  তেওঁৰ চাকৰি কালৰ প্ৰেমৰ জীৱনৰ আধাৰত। কিতাপখনৰ কথক ' আলেন' এজন ইউৰোপীয়ান ইঞ্জিনীয়াৰ যি কৰ্মসূত্ৰে ভাৰতবৰ্ষৰ কলকাতা চহৰত মি: সেনৰ তত্বাৱধানত কাম কৰিছিল। তেনেসময়তে তেওঁৰ মুখামুখি হ'ল মি: সেনৰ জীয়ৰী মৈত্ৰেয়ী দেৱীৰ সৈতে। বেংগলী সুন্দৰী মৈত্ৰেয়ীৰ প্ৰতি প্ৰথম অৱস্থাত বিশেষ কোনো আকৰ্ষণ অনুভৱ নকৰিলেও আলেনৰ অসুখৰ বাবে তেওঁলোকৰ ঘৰত আশ্ৰয় লোৱাৰ পিছৰ পৰা দুয়োৰে মাজত প্ৰগাঢ় ভালপোৱাই ঠাই পালে। কাহিনী আগবঢ়াৰ লগে লগে লেখকে প্ৰেমৰ জীৱনৰ লগতেও সেইসময়ৰ ইংৰাজ অধিষ্ঠিত ভাৰতৰ বিশেষকৈ কলকাতা চহৰৰ পৰিৱেশ, সামাজিক ব্যৱস্থা, ৰীতি-নীতি, মানুহৰ আচাৰ-ব্যৱহাৰ, মনোভাৱৰ সামান্য আভাষ দিবলৈ চেষ্টা কৰিছে। বেংগলী আঢ্যৱন্ত, শিক্ষিত পৰিয়ালৰ বৰ্ণনাৰ মাজেৰে সেই সময়ৰ আঢ্যৱন্ত ভাৰতীয় লোকৰ মনোভাৱ, চখ, চিন্তা, ৰীতি নীতি, বিচাৰ বিবেচনা আদিৰ ছবি দাঙি ধৰিবলেও চেষ্টা কৰা হৈছে। লগতে স্বাধীনতা আন্দোলনৰ স্ফুলিংগ আৰু এংলো ইণ্ডিয়ান সকলৰ ওপৰত তাৰ প্ৰভাৱ সম্পৰ্কেও লেখকে চমু আভাষ দিছে। মান- মৰ্যাদা, সন্মান, বংশৰ গৌৰৱ ইত্যাদি যেতিয়া আলেন- মৈত্ৰেয়ীৰ পূৰ্ণ প্ৰেমৰ  মাজত বাধা হৈ থিয় দিলে তেতিয়া বিচ্ছেদৰ বাহিৰে তেওঁলোকৰ ওচৰত আন কোনো পথ খোলা নাথাকিল।আত্মাৰ একাত্মতাৰ পিছতো আলেন আঁতৰি পাৰ্থিৱ সকলো সুখ পৰিত্যাগ কৰি হিমালয়ৰ কোনো এক নিজান ঠাইলৈ গৈ তাত মুখা মুখি হ'ল 'জেনি আইজাক'ৰ লগত যি অনন্ত ব্রহ্মৰ সন্ধানত ব্ৰতী আছিল। আলেন পুনৰ উজ্জীৱিত হ'ল জীৱনৰ সত্য প্ৰেমৰ সৈতে কিন্তু অনুভৱ কৰি ৰ'ল মৈত্ৰেয়ী তেওঁৰ এক অভিন্ন সত্বা।

এই কিতাপ খনৰ প্ৰকাশৰ পিছতেই মৈত্ৰেয়ী দেৱীয়ে তেওঁৰ নিজৰ জীৱনৰ প্ৰেমৰ কথাৰে, মির্চা-মৈত্ৰেয়ীৰ প্ৰেমৰ উপাখ্যান লিখি উলিয়াইছিল ' ন হন্যতে' নামেৰে যাৰ অৰ্থ It doesn't die