শিশু সাহিত্য সম্ভাৰ || Sishu Sahitya Sambhar || Book Review

শিশু সাহিত্য সম্ভাৰ


"শিশু সাহিত্য ৰচনা কৰা বৰ কঠিন কাম।শিশু আৰু কিশোৰে সমানে পঢ়ি ভালপোৱাকৈ ৰচনা কৰা আৰু কঠিন কাম।"


Sishu_Sahitya_Sambhar
শিশু সাহিত্য সম্ভাৰ

সেয়েহে হয়তো অৰুনোদয় যুগতে আৰম্ভ হোৱা শিশু সাহিত্য ৰচনাৰ এই প্ৰক্ৰিয়াটো বৰ্তমান একবিংশ শতিকাটো প্ৰায় চালুকীয়া হৈয়ে আছে।১৮৮৯চনত সম্পাদনা হোৱা প্ৰথম অসমীয়া শিশু আলোচনী 'ল'ৰা বন্ধুৰ কথা'ৰ পৰা আৰম্ভ কৰি জোনাকী যুগৰ 'বুঢ়ী আইৰ সাধু', 'জুনুকা' আদিয়ে শিশু সাহিত্যৰ পথাৰ চহকী কৰিলে।জোনাকী যুগৰ আন আন বিশিষ্ট শিশু সাহিত্যিক সকলৰ লগতেই কেইবাগৰাকীও লেখিকাৰ আগমন ঘটিছিল যাৰ শিশু সাহিত্যৰ ক্ষেত্ৰখনত বৰঙণি আছিল অতুলনীয়। জোনাকী যুগতেই বিষ্ণুপ্ৰিয়া দেৱী, ত্ৰৈলোকেশ্বৰী দেৱী বৰুৱানীয়ে আৰম্ভ কৰা শিশু সাহিত্যৰ ৰচনাৰ ধাৰা সাম্প্ৰতিক সময়ৰ বহু লেখিকা যেনে মধুছন্দা শইকীয়া,ৰুণু গোস্বামী আদিয়ে বোৱাই ৰাখিছে যাৰ কলমত শিশু উপযোগী সাধু কথা, পৌৰাণিক কাহিনী, গল্প, উপন্যাস, কবিতা, নাট, আদি বিভিন্ন ৰচনা প্ৰাণ পাই উঠিছে।অসমীয়া লেখিকা সকলৰ অসমীয়া শিশু সাহিত্যৰ ক্ষেত্ৰখনত থকা অৱদান বিশেষভাৱে পাঠকৰ আগত দাঙি ধৰাৰ মানসেৰে অসম লেখিকা সংস্থাই বিংশ শতিকাৰ অসমীয়া লেখিকাৰ শিশু সাহিত্য সংকলন এখন প্ৰস্তুত কৰাৰ চিন্তা চৰ্চা কৰিছিল যাৰ ফলশ্ৰুতিত সৃষ্টি হ'ল 'বিংশ শতিকাৰ লেখিকাৰ শিশু সাহিত্য সম্ভাৰ'।কিতাপখনি প্ৰকাশ হৈ ওলাইছিল ২০০৭ চনত যাৰ সম্পাদনাৰ দায়িত্ব দিয়া হৈছিল হৰপ্ৰিয়া বাৰুকিয়াল বৰগোঁহাঞিক। 

কিতাপ খন কেইবাটাও খণ্ডৰ জৰিয়তে সাধু, গল্প, অনুবাদ গল্প, জীৱনী, বুৰঞ্জীৰ কাহিনী, বিজ্ঞান বাৰ্তা, নাট, কবিতা, এই সকলোবোৰ শিশু উপযোগী ৰচনা অন্তৰ্ভুক্ত কৰা হৈছে।সংকলনটিৰ বিভিন্ন লেখিকাৰ ৰচনাৰ লগতে অসমীয়া শিশু আলোচনী মৌচাক, সঁফুৰা, মুকুতা, শিশু সাৰথি, বাতৰি কাকত, আদিত সময়ে সময়ে প্ৰকাশ পোৱা শিশু ৰচনা সমূহ সন্নিৱিষ্ট কৰা হৈছে।

নিশ্চিত ভাৱেই 'বিংশ শতিকাৰ লেখিকাৰ শিশু সাহিত্য সম্ভাৰ' সৰ্বমুঠ ১৩৭টা বচা বচা শিশু উপযোগী ৰচনাৰে এখন মনোগ্ৰাহী কিতাপ যি নাট কবিতা গল্প আদিৰ সোৱাদ পোৱাৰ লগতে  অসমীয়া লেখিকাৰ অৱদানৰ বিষয়েও অৱগত কৰাব।