পিতামহৰ শৰশয্যা || Pitamahar Xoroxojya || Manik Saikia || Book Review

 পিতামহৰ শৰশয্যা

 

"চিৰন্তন মানুহৰ জীৱনৰ ইতিহাস !

চিৰায়ত কালৰ মানুহে হেনো মহাভাৰতৰ পাততেই নিজকে বিছাৰি পাব ৷

এইখন মহা গ্রন্থই বোলে মানুহক আপোন কৰ্তব্যৰ আমোঘ পৰিণতিৰ কথাও সোঁৱৰাই থাকিব হ'ব পাৰে। হ'ব পাৰে নহয়, হয়েই ৷ কাৰণ আমাৰছোৱা সময়তেই বহুবোৰ বিচিত্র মানুহৰ বৈচিত্রময় কার্যকলাপেৰে পৃথিৱী সমৃদ্ধ হৈছে।"

মহাভাৰতৰ চৰিত্ৰবোৰ বাস্তৱ জীৱনৰ দৰেই জীৱন্ত আৰু গতিশীল ৷ এই চৰিত্র আৰু কাহিনী বোৰ পুৰণি হৈও আমাৰ সমাজত নতুন ধৰণেৰে আৱিস্কৃত হয়। মহাকাব্যৰ চৰিত্ৰসমূহৰ অতিমানৱীয় চৰিত্ৰৰ পৰা সাধাৰণ মানুহৰ শাৰীলৈ নমাই আনি কাহিনীবোৰত লেখকে কিছু নিজা সংযোজন কৰি উপন্যাসৰ আকাৰ দিয়ে। মানিক শইকীয়াৰ "পিতামহৰ শৰশয্যা " তেনে এখন আত্মকথন মূলক উপন্যাস  

Pitamahar-xoroxojya manik-saikia-books
পিতামহৰ শৰশয্যা

সুবিশাল মহাভাৰতীয় পটভূমিত পিতামহ ভীষ্মৰ স্থান অনন্য। ওৰেটো জীৱন সীমাহীন খ্যাতি, বীৰত্ব, যশস্যাৰ শিখৰত আৰোহন কৰা কুৰু বংশৰ পিতামহ ভীষ্মই যেতিয়া কুৰুক্ষেত্রৰ প্রাঙ্গনত অর্জুনৰ অস্ত্ৰৰ প্রহাৰত শৰশয্যাত পৰি আছিল তেতিয়া এৰি অহা দিনবোৰ সোঁৱৰাই আত্ম সমালোচনাত মগ্ন হৈছিল। ইয়াৰ আঁত ধৰিয়েই উপন্যাস খনৰ পটভূমি ৰচনা কৰিছে ৷

উপন্যাসিকে কল্পনাৰ আলম লৈ শৰশয্যাত পৰি থকা ভীষ্মৰ তীব্র মানসিক অন্তঃ কন্দল খুব সজীৱকৈ উপস্থাপন কৰিছে ৷ জীৱনত কৰিব নোৱাৰাখিনিৰ গ্লানি আৰু কৰাখিনিৰ সমালোচনাত মুখৰ হৈ পৰিছে মহাপ্রয়ানৰ যাত্রী পিতামহ ভীষ্ম ৷ ভীষ্মই ভাৰতখ্যাত এটা ৰাজবংশ চকুৰ সন্মুখতে ধ্বংসৰ গহ্বৰলৈ আগবাঢি যোৱাৰ পৰা ৰক্ষা কৰাৰ পৰিৱত্তে সেই ধ্বংস যজ্ঞত আত্মাহুতি দিবলৈ নিজকে প্রস্তুত কৰিছিল৷ অথচ সেই ৰাজবংশৰ ৰক্ষাৰ বাবে তেওঁ প্ৰতিজ্ঞাবদ্ধ আছিল৷  যৌৱনৰ উদ্ধতালি আৰু বীৰত্বৰ অহংকাৰত মত্ত্য হৈ ভীষ্মই আম্বাৰ প্রতি কৰা অন্যায়ৰ বাবেও অনুতপ্ত হৈছে।

একলব্যৰ সোঁঁহাতৰ বুঢ়া আঙুলিটো কাটি পেলোৱাৰ সময়তো তেওঁ প্রতিবাদ কৰা নাছিল। অথচ তেওঁক সেই কালত সত্যবাদী, জ্ঞান শ্রেষ্ঠ , তত্ত্ব দর্শী বুলি কোৱা হৈছিল। দ্রৌপদীক যেতিয়া দিবালোকত ৰাজসভাৰ মাজত উলংগ কৰিব খুজিছিল তেতিয়াও ভীষ্মই প্রতিবাদ কৰিব পৰা  নাছিল। এই ঘটনাৰ প্রতি চূড়ান্ত নির্লিপ্ততাই মাথোন উদ্গনিহে যোগাইছিল। অথচ তেওঁ মাতৃৰ ওচৰত কৌৰৱ পাণ্ডৱৰ অভিভাৱক হিচাপে সকলো সময়তে নিৰীক্ষন কৰি থাকিম বুলি প্রতিশ্রুতি দিছিল।   

"চকুৰ আগতে অন্যায় দেখিও প্রতিবাদ কৰিব নোৱাৰি নির্লজ্জভাৱে নিৰৱ হৈ থকাৰ পিছতো , মোৰ অমিতপৰাক্ৰম, মোৰ বিচক্ষণ শাস্ত্রজ্ঞান, একোকে কামত লগাব নোৱাৰাৰ পিছতো মই হেনো ব্রহ্মজ্ঞানী, ব্রহ্মবেত্তা পিতামহ ভীষ্ম হৈয়েই থাকি গ'লো। দুৰ্যোধনৰ অন্নৰে প্রতিপালিত হৈছিলোঁ কাৰণেই মুখৰ মাতষাৰো জানো  তেওঁৰ ওচৰত গচ্ছিত ৰাখিছিলো।"

উপন্যাস খনৰ শেষত ভীষ্মৰূপী উপন্যাসিক মানিক শইকীয়াই ভীষ্মই জীৱনত কৰা ভুল সমূহ স্বীকাৰ কৰি কৈছে-

"হে ভাৰতৰ মহাজনতা তোমালোকে মোক ক্ষমা কৰিবা ৷ তোমালোকৰ বাবে মই মোৰ জীৱনৰপৰা একোৱেই দি যাব নোৱাৰিলো। দ্বিধা আৰু সংশয়ৰ দুদোল্যমানতাত নিমজ্জিত মোৰ জীৱনৰপৰা তোমালোকলৈ আজি আৰু কোনো বাণী দি থৈ যোৱাৰ ধৃষ্ঠতা নাই।"

"পিতামহৰ শৰশয্যা" পুৰাকথাৰ আলম লৈ লিখা এখন সফল আৰু উল্লেখযোগ্য উপন্যাস।