মাকাম || Makam || Rita Chowdhury || Book Review

মাকাম


ৰীতা চৌধুৰীৰ অমৰ সৃষ্টি মাকাম হ'ল এখন চীনা মূলীয় অসমৰ মানুহৰ ওপৰত ৰচিত উপন্যাস,১৮২৬ চনত অসমলৈ ইংৰাজ চৰকাৰে চীনৰ পৰা কুলী হিচাপে লৈ অহা এই লোকসকলৰ সমাজখনক লৈ ৰচনা কৰা হৈছে উপন্যাস খন। 

Makam, Rita Chowdhury Book
মাকাম

তিনিচুকীয়া জিলাৰ মাকুম অঞ্চলত বাস কৰিব লোৱা এইসকল লোকৰ লগত ভাৰতৰ অন্য ঠাইসমূহৰ পৰা অনা কুলী সকলৰ লগতে অসমৰ মানুহৰো বৈবাহিক সম্পৰ্ক গঢ়ি উঠিছিল। তেওঁলোক দেহে-কেহে অসমৰ অসমীয়া আৰু ভাৰতৰ ভাৰতীয় হৈ গৈছিল কিন্তু প্ৰায় ১৫০ বছৰ পিছত ১৯৬২ চনত হোৱা চীন-ভাৰতৰ যুদ্ধৰ পিছত সকলোৰে লগতে চৰকাৰেও তেখেতসকলক সন্দেহৰ চকুৰে চাই বন্দী বনাই তেতিয়াৰ পৰা আৰম্ভ হৈ এক অবৰ্ণনীয় ঘটনাৰ, তেখেতসকলক বন্দী বনাই ৰাজস্থানৰ জেলত ভৰাই থোৱা হয় তাৰ পিছত চীন চৰকাৰৰ আদেশ বুলি কৈ এই ভাৰতীয় সকলক কমিউনিষ্ট চীনৰ হাতত তুলি দিয়া হয়।ভাৰতত বন্দী বনাই থোৱা সময়ত সৈন্য বাহিনীয়ে কৰা অত্যাচাৰ আৰু জনসাধাৰণৰ ককৰ্থনা আদিৰ দ্বাৰা তেওঁলোক সদায় সন্মুখীন হয় তাৰ পিছতো নিজৰ দেশক ভাল পালে এচামে কিন্তু শেষত বিতায়িত হ'ল চীনলৈ।তাতো প্ৰায় একে দশাই হ'ল এইসকলৰ দিনেই নিশাই পৰিশ্ৰম কৰোৱাই আধা মৰা কৰিলে,খাবলৈ কমকৈ দিছিল,সৰু সৰু কথাত অপৰিসীম শাস্তি প্ৰদান কৰিছিল,মুঠৰ ওপৰত "ভূতৰ ওপৰত দানৱ পৰিল"।

পিছলৈ মানুহবোৰৰ অৱস্থা ভাল‌ হ'ল,মুকলি হ'ল চীনৰ হাতৰ পৰা।তাৰ পিছত প্ৰায় সংখ্যক লোক ওচৰৰ দেশবোৰলৈ প্ৰবজন কৰে।

শেষত মানুহবোৰৰ মুখলৈ হাঁহি বিৰিঙি আহিলেও ভাৰতত থানবান হোৱা পৰিয়ালবোৰৰ বেদনাৰে সদায় দহি থাকিল সেইসকলৰ বুকু।

✍️ সুভাংশু  শইকীয়া