কংলিয়াঙৰ মাত || Kongliangor Maat || Anurag Mahanta || Book Review



...it is obvious that Naga territory in eastern Assam is much too small to stand by itself politically and economically. It lies between huge countries, India, China. Inevitably therefore the Nagas must be part of Assam with which it has developed such close associaties.....



kongliangor_maat naga-life-through-eyes-of-a-militant
কংলিয়াঙৰ মাত

ভাৰত স্বাধীনতাৰ কেইবছৰমান পাছতে জৱাহৰলাল নেহেৰুৰ পৰা অহা এই চিঠিখনে সলাই দিছিল নাগালেণ্ডৰ দৃশ্যপট। ভাৰত স্বাধীন হোৱাৰ লগেলগে ই নাগা সকলে সপোন দেখিছিল এখন স্বাধীন নাগালেণ্ডৰ। পৰিণতিত উক্ মুকনি উঠিছিল বিদ্ৰোহৰ। লক্ষ্য সশস্ত্ৰ পদ্ধতিৰে স্বাধীনতা ঘূৰাই অনা। ক্ৰমাৎ বিদ্ৰোহৰ উদ্দেশ্যকৈ পদ্ধতিৰ অধিপত্যই লক্ষ্য আৰু উদ্দেশ্যক গ্ৰাস কৰিছিল। আৰম্ভ হল আক্ৰমণ অথবা পশ্চাত অপসাৰণ ৰ কৌশল।
যুদ্ধ, বিপ্লৱ, প্ৰেম , সংঘাত অাৰু মানৱীয়তাৰ স্বীকৃতি ৰ বাবে চলা দ্বন্দৰ আধাৰত ৰচিত হৈছে উপন্যাস খন। যুদ্ধ নে প্ৰেম!! মানৱীয়
আকাংক্ষা ক মহিমামণ্ডিত কৰি তোলাত শ্ৰেষ্ঠ কোন?? এই প্ৰশ্নৰ উত্তৰৰ সন্ধানৰ যাত্ৰাক সজাই তুলিছে উপন্যাসখনত। যুদ্ধ আৰু বিপ্লৱ প্ৰয়োজনীয়। কিনতু মানৱতাৰ আলোকসন্ধানী যাত্ৰাৰ সহযাত্ৰী হৈছে সত্য আৰু প্ৰেম। ই শ্বাশত। যুদ্ধ অৱধাৰিত হলেও সাময়িক। নাগা বিদ্ৰোহৰ আলম লৈ লেখকে কৌশলেৰে উপস্থান কৰিছে এই সত্য।
উপন্যাসৰ পটভূমি ত বৰ্ণিল বৈচিত্ৰ্যময় নাগা জনসাধাৰণৰ সমাজ সংস্কৃতিৰ আভা, পৰম্পৰাগত কলা সংস্কৃতিৰ চৰ্চা আৰু সেইবিলাক ৰক্ষা কৰাৰ সংগ্ৰাম প্ৰতিফলিত হৈছে।
ইম্পি আলংৰ প্ৰেম, ইয়ংকাও বস্তি, ৰক্তাক্ত বিদ্ৰোহৰ পৰিণতিত নাগা পাহাৰৰ কোমল সেউজীয়া বোৰ ক্ৰমে ৰঙালৈ ৰূপান্তৰিত হোৱাৰ কাহিনী আৰু পাহাৰত কোমলকৈ কংলিয়াঙ..... কংলিয়াঙ..... কৈ ভাঁহি থকা কংলিয়াঙ চৰাই জনীৰ মাতেৰে পৰিপুষ্ট অনুৰাগ মহন্ত ৰ এখন উপন্যাস........
"কংলিয়াঙৰ মাত"

.