অৰুণিমাৰ স্বদেশ
অৰুণিমাৰ স্বদেশ সু-সাহিত্যিক অৰূপা পটংগীয়া কলিতাৰ তিনিখন বহুল-চৰ্চিত উপন্যাসিকা, 'মৃগনাভি', 'অৰুণিমাৰ স্বদেশ' আৰু 'মোৱাধৰা পথাৰৰ মাণিকী মধুৰী'ৰ সংকলন। আটাইকেইখনৰে মূলচৰিত্ৰৰ ৰূপত একোগৰাকী নাৰী: লেখিকাৰ ভাষাত, মোৱাপোকে ধৰা সমাজখনে বিধ্বস্ত কৰা তিনিগৰাকী নাৰীৰ দুখ আৰু হাহাকাৰ।
Arunimar Swadesh |
'মৃগনাভি'ৰ সোণতৰাই যৌৱনৰ ৰাগী লগা দিনবোৰত আলফুলীয়া সপোন দেখে- সোণতৰাৰ জীৱনলৈ কবিতা পঢ়া, ছবি ভাল পোৱা, ফুল ভাল পোৱা এজন নম্ৰ যুৱক আহিব যিয়ে সোণতৰাক ৰ'মিঅ'ৰ সেই প্ৰবল প্ৰেমৰ উচ্ছাসেৰে ক'ব - "I ne'er saw true beauty till this night"। বাস্তৱত সোণতৰাৰ জীৱনলৈ শান্তনু চলিহা আহিছিল, ছবি ভালপোৱা মনটোক মাৰি মাৰি কেৱল বাকী ৰাখিছিল সোণতৰাৰ নামত এক মাংসপিণ্ড। শান্তনুৰ মৃত্যুৱে সকলো সলাইছিল, সোণতৰা স্বাধীন হৈছিল। ইয়াৰ পাছতো ডুব যোৱা বেলিৰ ৰঙা পোহৰৰ পাছৰ ক'লা আন্ধাৰে সোণতৰাক হেঁচি ধৰিছিল। আন্ধাৰৰ মাজৰ পৰা সোণতৰা উঠি আহিছিল পূৰ্ণ নাৰী হৈ, অহংকাৰী পাহাৰ এলানি হৈ।
'অৰুণিমাৰ স্বদেশ'ৰ পটভূমি অস্থিৰ অসম, সংগঠন আৰু আৰ্মীৰ অত্যাচাৰত জৰ্জৰিত সময়। অৰুণিমা বিয়া হৈ গৈছে এটা কালচাৰদ পৰিয়াললৈ, শাহু-শহুৰ-ননদ-দেওৰে ভৰি থকা এখন সুখী ঘৰলৈ। সেই সুখত যতি পৰিল, যেতিয়া অৰুণিমাৰ ডাঙৰ দেওৰেক গুচি গ'ল ধনগুলৈৰ জুই খেদি। সেই জুয়ে গোটেই ঘৰখনকে এদিন দহিলে, ননদে নিজহাতে গঢ়ি তোলা ফুলনিখন, ঔ গছৰ মৌবাহ-কোনো বাদ নপৰিল। পোৰা মঙহৰ গোন্ধ লৈ কান্দি থকা অৰুণিমাৰ মুখখনে পাঠকলৈ এৰি দিছে এক জ্বলন্ত প্ৰশ্নৰ: অৰুণিমাৰ স্বদেশ আমাৰো স্বদেশ নহয়নে?
'মোৱাধৰা পথাৰৰ মাণিকী মধুৰী'ত দিল্লীলৈ যোৱাৰ পাছত মায়নাওৰ আলাৰি আৰু দাওখিক কেন্দ্ৰ কৰি ঘূৰি থকা জীৱন সলনি হৈ গৈছে। প্ৰাণচঞ্চল মায়নাওৰ তৰা বনৰ সুহুৰিৰ দৰে মাতটো লুকাই কালক্ৰমত বাঢ়ি আহিছে মানসিক অশান্তি আৰু অসন্তুষ্টি। অসমলৈ উভতি আহি নিজে সজা ঘৰখনৰ ঠাইত বাগৰি পৰা ধ্বংসস্তুপ এটা দেখি মায়নাও মৰা মানুহ এজনীৰ দৰেই নিস্তেজ হৈ শুই পৰিছে।
সোণতৰা-অৰুণিমা-মায়নাওৰ মৰ্মস্পৰ্শী কাহিনীয়ে আপোনাৰো মন বিগলিত কৰি তুলিব, প্ৰতিগৰাকীৰ দুখত একাত্ম হৈ হয়তো আপোনাৰো বুকুখন কোনোবাখিনিত খোচা মাৰি ধৰিব!