WWW.ঘনজংঘল.কম || Harichandra Devsare || Book Review

WWW.ঘনজংঘল.কম 


শিশুৰ কল্পনাৰ পৰিসৰ বৰ বহল,তেওঁলোকে কল্পনাৰ জগতখনত উমলি বৰ ভাল পায়, আৰু এই কল্পনাৰ ৰহণ সনা কাহিনী শুনি আৰু ভাল পায়। শিশুৰ কল্পনা জগত খনত প্ৰকৃতিৰ বস্তুবোৰৰ স্থান বেছি যেনে এই গছে কথা কোৱা,জীৱ জন্তুৱে কথা কোৱা আদিবোৰ সিহঁতৰ বাবে বৰ আমোদজনক। আৰু এই কল্পনাৰ ৰহণ সানি যদি আমি শিশুক এটি  ভাল শিক্ষা দিব আৰু সমাজৰ এটি ভাল বাৰ্তা দিব সেইয়া নিশ্চয় সকলোৰে বাবে উপযোগী হ'ব। 

আজিৰ কিতাপখনো  ঠিক তেনেকুৱাই। "WWW. ঘনজংঘল.কম" কিতাপ খনৰ মূল লেখক হৰিচন্দ্ৰ দেৱচৰে আৰু কিতাপখন অসমীয়ালৈ অনুবাদ কৰিছে শান্তনু তামুলী দেৱে। "WWW.ঘনজংঘল. কম" এখন অতি আমোদজনক আৰু মনোগ্ৰাহী শিশু উপন্যাস বুলিব পাৰি। লিখকে ইয়াৰ জৰিয়তে শিশু সকলক বৰ্তমান আমাৰ অৰণ্যৰ যি অৱস্থা সেই কথা অৱগত কৰিছে,কেনেকৈ বৰ্তমান কিছুমান লোকৰ কু কৰ্মৰ বাবে আমাৰ বনাঞ্চল ধ্বংস হব ধৰিছে বন্য প্ৰাণীৰ বাবে ঠাই নোহোৱা হৈছে, আৰু এইবোৰৰ পৰা আমি কেনেকৈ ৰক্ষা পাব পাৰো বা প্ৰযুক্তিৰ বিদ্যাৰ জৰিয়তে আমি ইয়াৰ সমাধান উলিয়াব পৰা যায় নেকি এনেবোৰ কথাই কল্পনাৰ ৰহণ সানি শিশু উপযোগী কৈ লিখকে এই কিতাপ খনত দাঙি ধৰিছে।

WWW. ঘনজংঘল.কম 

এই শিশু উপন্যাস খনৰ  কাহিনী মূল বিষয়বস্তু হ'ল ঘনজংঘল আৰু তাৰ জীৱ জন্তু খিনি। সেই জংঘল খন বৰ ডাঙৰ জংঘল আছিল আৰু তাত বহুতো জীৱ জন্তুয়ে মিলি জুলি বাস কৰিছিল। আৰু সকলোৱে নিজৰ নিজৰ কামত পাৰ্গত আছিল।কিন্তু হঠাৎ জংঘলত জগ্গন মাফিয়াৰ আতংক আৰম্ভ হ'ল তেতিয়াৰ পৰাই জংঘলৰ শান্তি ভংগ হোৱাৰ দৰেই হ'ল। জংঘলৰ ৰজা সিংহও চিন্তাত পৰিল কিন্তু তেতিয়াই তাৰেই এটি বান্দৰ 'বান্দৰ বিহাৰীয়ে' আকৌ চহৰত কম্পিউটাৰ শিকি আহিলগৈ আৰু জংঘলৰ নামত এটি ৱেবচাইটৰ খুলিলে "www.ঘনজংঘল.কম" আৰু ঘনজংঘলক প্ৰযুক্তিৰ বিদ্যাৰ সৈতে চিনাকি কৰাই দিলে। কিন্তু বান্দৰ বিহাৰীৰৰ কামত বহুত জন্তু সন্তুষ্ট হোৱা নাছিল, জংঘলৰ বুঢ়ামেথা ই বৰ এটা ভাল পোৱা নাছিল এইবোৰ কিন্তু যেতিয়া বান্দৰ বিহাৰীয়ে সকলোকে যেতিয়া ইয়াৰ কথা ভালকৈ বুজাই দিলে তেতিয়া সকলো মান্তি হ'ল। ইয়াৰ মাজতে বান্দৰ বিহাৰীয়ে ঘনজংঘল ৱেবচাইটৰ পৰা জগ্গনে অপহৰণ কৰা এজন মন্ত্ৰী বিষয়াক উদ্ধাৰ কৰাটো পুলিচক সহায় কৰিলে আৰু ঘনজংঘল ৱেবচাইটে শ্ৰেষ্ঠ ৱেবচাইটৰ খিতাপ অর্জন কৰিলে। ইয়াৰ পাছতেই বান্দৰ বিহাৰীয়ে নিজে এটি কম্পিউটাৰ কেন্দ্ৰ খুলি তাত সকলোকে কম্পিউটাৰও শিকালে যাতে সকলো আগবাঢ়িব পাৰে। কিন্তু বান্দৰৰ বিহাৰীৰৰ এই উন্নতি জেকে নামৰ শিয়ালতোৰ ভাল নালাগিল আৰু সি তাৰ অনিষ্ট কৰিবলৈ বহুত চালে কিন্তু সি বিফল হ'ল আৰু বিফল হৈ সি এইবাৰ ৱেবচাইট এটা খুলি ঘনজংঘলৰ বিষয়ে গোপন তথ্য চোৰাং চিকাৰীক দিবলৈ ললে যাতে সকলোৰে সন্দেহ বান্দৰ বিহাৰী ওপৰত যায় কিন্তু সেইবোৰো সি অসফল হল আৰু তাক ঘনজংঘলৰ পৰা উলিয়াই দিয়া হ'ল। কিন্তু তেতিয়াও সি নিজৰ কামৰ পৰা বাজ নাহিল এৰি চোৰাং চিকাৰীৰৰ  লগত লাগি জংঘলৰ অহিত চিন্তা কৰিবলৈ ধৰিলে,সি তাৰ ভাতৃ ময়কালৰ লগ আজিও জংঘৰ বাবে  সংকট মাটি আনিছিল শক্তশালি জৈৱিক অস্ত্ৰৰ পৰীক্ষণৰ চেষ্টা চলাইছিল কিন্তু বান্দৰ বিহাৰী আৰু ইন্সপেকটৰ ছিটাখা ৰ সহায়ত কিন্তু সি এইবাৰো  বিফল হ'ল আৰু শেষত সি সকলোৰে ওচৰত হাৰ মানিলে আৰু ক্ষমা বিচাৰিলাফু জংঘলৰ কামত মনপূতি লাগিবলৈ ধৰিলে। ইফালে বান্দৰ বিহাৰীৰ ৱেবচাইটেও দুপতদোপে উন্নতি কৰিবলৈ ধৰিলে। বিশ্বতে ঘনজংঘলক চিনি পোৱা হ'ল। বাহিৰৰ দেশৰ জীৱ জন্তুৰ লগত সিহঁতি কনফাৰেন্সৰ যোগেদি জীৱ জন্তুৰ দুৰ্দশাৰ কথা পাতিলে আৰু ইয়াৰ সমাধান উলিয়াবলৈ যত্ন কৰিলে। বিভিন্ন ঠাইত বন্দী জন্তুক মুকলি কৰাৰ অভিযান আৰম্ভ কৰিলে। ইয়াৰ লগতেই বান্দৰ বিহাৰীয়ে এটি টিভি চেলেন খুলিলে আৰু তাৰ দ্বাৰা জংঘলৰ বিভিন্ন নিউজ দেখাবলৈ ধৰিলে, লগতে কাৰ্টুন বোৰ জীৱন্ত ৰূপত দেখিবলৈ পায় শিশু সকলৰ মাজতো চেনেলটো জনপ্ৰিয় হৈ পৰিল আৰু ঘনজংঘল ৱেবচাইটত সকলো দেশৰ জন্তুৰ লগত বিভিন্ন বিষয়ত কনফাৰেন্স হল বিভিন্ন সিদ্ধান্ত হয়। আৰু এনেকৈয়ে বান্দৰ বিহাৰীৰৰ লগতে ঘনজংঘল সকলোৰে চিনাকি হৈ পৰিল। 

এনেকৈ এটি সুখপাঠ্য কল্পনাৰ ৰহণ সনা কাহিনী লৈ লিখকে শিশু সকলৰ মাজত বিয়পাই দিলে জীৱ জন্তুৰ ৰক্ষা, বনাঞ্চল ৰক্ষাৰ লগতে ইন্টাৰনেটৰ সু ব্যৱহাৰ আৰু কু ব্যৱহাৰৰ ফল। এনে এটি সুন্দৰ কাহিনীৰে শিশুৰ  এখন প্রিয় কিতাপ "WWW.ঘনজংঘল.কম"