শৱ কটা মানুহ
মানুহ জন্ম হয়, মানুহ মৰে। তাৰপাছত শৱ হয়। অৰুণাচলৰ মনপা জনজাতিসকলে সেই শৱ কাটি ১০৮ টুকুৰা কৰি নদীত উটুৱাই দিয়ে। তেনে শৱ কটা এজন মানুহ হল দ্যাৰগে নৰবু, মানুহে তাক আও থাম্পা বুলিয়ে জানে। থাম্পা মানে মনপা ভাষাত শৱ কটা মানুহ। পৰিয়াল বুলিবলৈ তাৰ ঘৈণীয়েক গুইচেংমু আৰু বিকলাংগ জীয়েক। থাম্পাই শৱ কাটে, মদ খাই আৰু অশ্ৰাব্য গালি-গালাজ কৰি ঘূৰি ফুৰে। কটা মৰাশৰ তেজ পূঁজ, চৰ্বি লাগি তাৰ শৰীৰ দুৰ্গন্ধময়। সেই থাম্পা ৰ জীৱন আৰু মনপা জনজাতি হ'ল উপন্যাসখনৰ পটভূমি।
Sa kata manuh |
কাহিনীৰ অগ্ৰগতিত খোল খাইছে থাম্পাৰ জীৱন, যৌৱন আৰু তাৰ শৈশৱৰ প্ৰেয়সী ৰিজোম্বা। থাম্পা ৰ বৰ্তমান আৰু অতীতৰ কাহিনীৰ সাৱলীল বৰ্ণনাই জীপাল কৰিছে উপন্যাসৰ প্ৰতিটো পৃষ্ঠা। ভাৰত-চীন যুদ্ধৰ সময়ত সি কেনেদৰে হেৰুৱাই পেলাইছিল ৰিজোম্বাক আৰু তাৰ পৰিয়ালক, কেনেকৈ সি হৈ পৰিছিল শৱ কটা মানুহ। সেই কঠিন জঘন্য মানুহটোৰ মাজত সোমাই থকা ৰিজোম্বাৰ আজন্ম প্ৰেমিক জনে প্ৰতিপল বিচাৰি ফুৰিছিল তাৰ প্ৰেয়সীক। লগ পাইছিল ৰিজোম্বাৰ সৈতে হুবহু চাংগে নোৰলজমক, কিন্তু সেয়া বিখ্যাত বৌদ্ধ সন্যাসীৰ ৰূপতহে।
আৰু তাৰ পাছত.......
ঘটনাৰ পাকচক্ৰ, মনপা সমাজৰ বৰ্ণনা, সেই সময়ৰ সমাজ জীৱনৰ কথাৰে পৰিপূৰ্ণ উপন্যাস সাহিত্যিক য়েছে দৰজে ঠংচি ৰ
"শৱ কটা মানুহ"
"শৱ কটা মানুহ"