নাহৰৰ নিৰিবিলি ছাঁ
"আঠত্ৰিশটা বসন্ত পাৰ কৰা ভাস্বতীয়ে জানে, বসন্তৰ বয়স নাই, যি দৰে নাই সোঁৱৰণীৰ বয়স..."
শ-হাজাৰ শিক্ষাৰ্থীৰ তেজাল যৌৱনৰ জীৱন্ত সাক্ষী হৈ সগৌৰৱে থিয় দি আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়। সময়ৰ আঁচোৰে কোঙা কৰিব নোৱাৰা, শাৰী শাৰী নাহৰ গছেৰে আবৃত্ত আশ্ৰম যেন চৌহদৰ ডিব্ৰু বিশ্ববিদ্যালয়।
Nahoror Niribili Saa |
ছাত্ৰ একতা সভাৰ চিঠিখন পাই উপন্যাসৰ কেন্দ্ৰীয় চৰিত্ৰ আৰু প্ৰাক্তন ছাত্ৰী ভাস্বতী চলিহাৰ মন পঢ়ি অহা ডিব্ৰু বিশ্ববিদ্যালয়ৰ বহল বুকুলৈ স্মৃতিৰ ডেউকা মেলি উৰি গৈছে, দোলা দি গৈছে অলেখ মুখে, অলেখ স্মৃতিয়ে...প্ৰকাণ্ড দেৱাল আৰু গেইটৰ সিপাৰে থকা গাৰ্লছ হোষ্টেলৰ উচ্ছল সময়, ৰেগিঙৰ ভয়, লাইব্ৰেৰীৰ নাথদা, সমজশাস্ত্ৰৰ থিয়ৰী, মৰমীয়াল আহমেদ ছাৰ, পুৰুষৰ অনুশাসনক লৈ প্ৰশ্ন কৰা ৰশ্মি, খিলখিল হাঁহিৰ মাজতো দুখৰ পাহাৰ এটা লৈ কান্দি থকা নন্দিনী, উদীপ্ত নামৰ প্ৰেম-অপ্ৰেমৰ বুজা-নুবুজা অনুভৱ, খাদ্যৰসিক আৰু ফূৰ্তিবাজ অভিৰঞ্জন, যুক্তিবাদী সমীৰ, ৰূপৰ লালসাই কোবাই যোৱা অঞ্জনা, অসম আন্দোলনৰ প্ৰতি বীতশ্ৰদ্ধ শান্তনু আৰু বহুতো..!
কেইবাটাও চৰিত্ৰৰ মুখেৰে লেখিকাই মনত সাঁচ পেলাই যাব পৰাকৈ বিভিন্ন বিষয়ৰ অৱতাৰণা কৰিছে। কথাৰ মাজত ৰশ্মিয়ে কৈ উঠা "আকাশত উৰা চিলাখন দেখাত কিমান মুক্ত, কিন্তু চিলাখন নিয়ন্ত্ৰণ কৰা সূতাডাল অদৃশ্য" ; নন্দিনীয়ে কৈ উঠা "তোমালোকৰ অভাৱৰ আনন্দৰ তুলনাত মই কিমান দুখীয়া! তোমালোকৰ স্বাধীন বন্দীশালৰ তুলনাত মোৰ মুক্ত ঘৰটোত ইমান বন্দীত্ব!" ; শান্তনুৱে লিখি যোৱা "ৰঙচুৱা বাটেৰে ধূলিত পোত যোৱা পথিক" ইত্যাদি উল্লেখযোগ্য।
নাহৰৰ দেশৰ স্মৃতিৰ পাত লুটিয়াই লেখকৰ দৰেই পাঠকেও হৃদয়ঙ্গম কৰিব পাৰে সেই আমোঘ সত্য,
"স্মৃতি এনে এক প্ৰেম, যি বিচ্ছেদৰ পিচতো লগ এৰা নিদিয়ে।"