এধানী মাহীৰ হাঁহি || Edhani Mahir Hahi || Mahim Bora || Book Review

এধানী মাহীৰ হাঁহি


অসমৰ স্বনামধন্য সাহিত্যিক পদ্মশ্ৰী মহিম বৰা দেৱৰ এক অমৰ সৃষ্টি "এধানী মাহীৰ হাঁহি" কিতাপখনৰ প্ৰথম প্ৰকাশ হৈ ওলাইছিল ১৯৯৭ চনত আৰু ২০১৩ চনৰ সংস্কৰণটিৰ মূল্য ৬০ টকা। অসমৰ পাঠকসমাজক অতবছৰে মোহিত কৰি ৰখা কিতাপখনে ২০০১ চনত সাহিত্য একাডেমী পুৰষ্কাৰ পাবলৈ সক্ষম হয়।


edhani-mahir-hahi mahim-bora-books
Edhnai Mahir Hahi 
লেখকৰ ভাষাত 'কলমমোছা' তেওঁৰ এই কিতাপখন প্ৰধানত ১৯২৫-৪০ চনৰ অসমৰ প্ৰেক্ষাপটৰ ওপৰত ৰচিত। সেইসময়ত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো গান্ধীজীৰ নেতৃত্ত্বত অহিংস স্বাধীনতা আন্দোলনৰ প্ৰভাৱ পৰিছিল।গতিকে সেইসময়ৰ অসমৰ সমাজজীৱনত হোৱা সামাজিক,অৰ্থনৈতিক প্ৰভাৱৰ কিছু আভাস কাহিনীৰ মাজেৰে পোৱা যায়।কিতাপখনৰ মূল চৰিত্ৰ এটি মন খোলা বিখ্যাত হাঁহিৰ গৰাকী, এধানী মাহী, এগৰাকী গাঁৱৰ সহজ-সৰল, নীতি-আদৰ্শত কঠোৰ, ককায়েক-বৌয়েকৰ পৰা অৱহেলিত হৈ লেখকৰ বুঢ়ীমাকৰ লগত থাকিবলৈ লোৱা মহিলা। এই এধানী মাহীৰ লেখকৰ জীৱনত প্ৰভাৱ অপৰিসীম। ক'বলৈ গ'লে তেওঁৰ শৈশৱ,কৈশোৰ আৰু যৌৱন যেন মাহীক কেন্দ্ৰ কৰিয়ে আৰম্ভ কৰিছিল।সময়ৰ কালচক্ৰত ভোলানাথ নামৰ এজন গান্ধীবাদী তথা স্বাধীনতা সংগ্ৰামীৰ লগত সংসাৰ আৰম্ভ কৰা, তেওঁৰ মৃত্যুৰ পিছত আশ্ৰমৰ কামত স্বামীৰ ইচ্ছা পূৰণ কৰি কৰিয়ে অৱশেষত কলেৰাত মৃত্যু হোৱা এধানী মাহীৰ সেই বিশেষ হাঁহিতো ম্লান পৰা নাছিল কেতিয়াও।কিতাপখনত লেখকে মানুহৰ সহজ তথা গভীৰ অৰ্থক ভাষাৰে শৈশৱ, কৈশোৰ তথা যৌৱনলৈকে এজন ল'ৰা জীৱনৰ ঘটনাসমূহ সাৱলীল ভাষাত প্ৰকাশ কৰিছে।সেয়েহে হয়তো কিতাপখন আজিও আমাৰ মাজত জীৱন্ত হৈ আছে এধানী মাহীৰ হাঁহিৰ দৰে।