মই মালালাই কৈছোঁ || Moi Malalai Koiso || Ditimoni Gogoi || Book Review

মই মালালাই কৈছোঁ 


"প্ৰায়বোৰ সমাজতেই ল'ৰা সন্তানৰ চিনাকীৰে পিতৃসকলৰ চিনাকি,কিন্তু মোক আজি বিশ্বই চিনি পাইছে এজনী ছোৱালীৰ পিতৃ হিচাপে। মই গৌৰবান্বিত"  এইয়া কন্যাৰ গৌৰবেৰে গৌৰবান্বিত এজন পিতৃৰ মন্তব্য ।

মাত্ৰ পোন্ধৰ বছৰ হৈছিল তাই আৰু তেতিয়াই সেই সন্ত্ৰাসবাদীৰ বুলেটে ভেদি গৈছিল তাইৰ মূৰ। ক্ৰমাৎ ধূসৰ হৈ আহিছিল তাইৰ মুখৰ আগৰ ছবি বোৰ,দেউতাকৰ মুখখন বৰকৈ মনত পৰিছিল তাইৰ আৰু তাৰ পাছত নিজকে আবিষ্কাৰ কৰিছিল তাই চিকিৎসালয়ৰ বিচনাত মূৰতো লৰাব পৰা নাছিল তাই,এখন কাণেৰে শুনা নাছিল চকুৰ আগৰ ধূসৰ প্ৰতিমূৰ্তি বোৰৰ মাজত বিচাৰি ফুৰিছিল দেউতাকৰ মুখখন। কিন্ত সেই বুলেটৰ আঘাটেও স্তব্ধ কৰিব পৰা নাছিল তাইৰ কণ্ঠ, যুঁজিছিল মহিলাৰ অধিকাৰৰ বাবে প্ৰতিজনী ছোৱালীৰ শিক্ষাৰ বাবে। আৰু ২০১৪ চনৰ এটা দিনত আহিছিল খবৰতো শান্তিৰ নোবেল বঁটাৰ বয়স মাত্ৰ ১৭ বছৰ আৰু  শান্তিৰ নোবেল বঁটা প্ৰাপ্ত বিশ্বৰ কনিষ্ঠতম মহিলা জ্ঞান আৰু চিন্তাৰে পৰিপক্ক তাই আছিল মালালা ইউছুফজাই। 

Moi_Malalai_Koiso Ditimoni_Gogoi_Books
মই মালালাই কৈছোঁ 


আজিৰ আমাৰ কিতাপখন হৈছে দিতিমণি গগৈৰ"মই মালালাই কৈছোঁ" কিতাপখনৰ মূল কাহিনীৰ আধাৰ হ'ল খ্ৰীষ্টীনা লেম্বৰ "আই এম মালাল" শীৰ্ষক গ্ৰন্থখনি। এই কিতাপ খনিত মালালাৰ জীৱনৰ কথা উল্লেখ আছে তেওঁৰ শৈশৱৰ পৰা,নোবেল বঁটা পোৱাৰ সময়লৈকে, তেওঁৰ কষ্ট তেওঁৰ সন্মুখীন হোৱা কঠিন পৰিস্থিতি সকলোবোৰেই আছে এইখন কিতাপত। এইখন কিতাপে আমাক উৎসাহিত কৰে সাহস দিয়ে নিজৰ অধিকাৰৰ সপক্ষে মাত মাতিবলৈ। 

মালালাৰ জন্ম হৈছিল পাকিস্তানৰ এখন সৰু ঠাইত,তাইৰ জন্মত কোনোৱে ফুৰ্তি কৰা নাছিল তাইৰ মাকৰ দুৰ্ভাগ্য বাবে সমবেদনা জনাইছিল কিয়নো মালালা ছোৱালী আছিল। তাইৰ যত জন্ম হৈছিল তাত লৰা জন্ম হলে গুলী ফুটাই আনন্দ কৰিছিল আৰু ছোৱালীক পৰ্দাৰ আঁৰত ৰাখিছিল। 

কিন্তু ইয়াৰ সকলোৰে ব্যতিক্ৰম আছিল মালালাৰ দেউতাক,তেওঁ কোনোদিন ছোৱালী বুলি মালালাক আঁতৰাই ৰখা নাছিল,তেওঁ সদায় সকলোকে সমান চকুৰে চাইছিল তেওঁ নিজৰ ছোৱালী জনীক আগুৱাই লৈ যাব খুজিছিল। মালালাৰ দেউতাক আছিল এগৰাকী শিক্ষাবিদ তেওঁ নিজেই এখন স্কুল চলাইছিল।  মালালা তেনে এক পৰিবেশৰ মাজত ডাঙৰ হৈছিল ,ছোৱালী বাবেই তাইও বহুত বাধাৰ সন্মুখীন হৈছিল কিন্তু তাই কোনোদিন থমকি ৰোৱা নাছিল তাই মাত মাতিছিল সমান অধিকাৰৰ বাবে। সেই সময়ত তাত তালিবানৰ দৰে সন্ত্ৰাসবাদী সংগঠনে গ কৰি উঠিছিল সিহঁতৰ অত্যাচাৰৰ সন্মুখীন হৈছিল ছোৱালী বোৱাৰী সকলো আৰু সেই সময়ত ছোৱালীৰ বিদ্যালয়ত যোৱাৰ বাধা আৰোপ কৰিছিল,কাক কত কেনেকৈ অপহৰণ কৰা হৈছিল, কত গুলীয়াই দিয়া হৈছিল তাৰ কোনো ঠিকনা নাছিল আৰু সেই সময়ত মহিলাৰ অধিকাৰৰ বাবে মাত মাতিছিল সৰু মালালাই দেউতাকৰ লগত গৈ সভাত ভাষণ দিছিল নাৰী শিক্ষাৰ বাবে, তালিবানৰ অত্যাচাৰৰ বিৰূদ্ধে। এইসমূহৰ বাবে মালালাই তালিবানৰ ভাবুকিৰ সন্মুখীন হৈছিল বহুবাৰ, তেওঁ দেউতাকেও ভাবুকি পাইছিল মৃত্যুৰ ভাবুকি,তথাপিও কিন্তু তেওঁলোক থমকি ৰোৱা নাছিল। মালালাই তেওঁৰ ওচৰে পাজৰে চলি থকা মহিলাৰ ওপৰৰ অত্যাচাৰ চাই থাকিব পৰা নাছিল,আৰু নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি আগুৱাই গৈছিল নিজৰ লক্ষ্যত আৰু আজিও তেওঁ কাম কৰি আছে নাৰী শিক্ষাৰ ওপৰত, নাৰীৰ অধিকাৰৰ ওপৰত।

মালালা তেওঁ আমাৰ বাবে আমাৰ প্ৰজন্মৰ বাবে এক প্ৰেৰণা এক সাহস। যি আমাক শিকাই যায়,যি হওঁক কিন্তু আমি আমাৰ অধিকাৰ বাবে যুঁজিব লাগিব। বৰ্তমা5 সময়ত শিশু কিশোৰৰ বাবে মই মালালাই কৈছো এখন অতিকৈ প্ৰয়োজনীয় কিতাপ যিয়ে আমাৰ মনত আত্মবিশ্বাস আৰু সাহস জগাই তোলে।