অনুভৱৰ আলাপ
বৰ্তমান সময়ত বহুলভাৱে প্ৰচলিত ছচিয়েল মেডিয়া 'ফেচবুক', অন্যান্য ঋনাত্মক দিশ সমুহক একাসৰীয়া কৰি ৰাখি, এক সুন্দৰ প্লেটফর্ম য'ত মনৰ ভাৱ, সৃষ্টিশীল চেতনাক প্রকাশ কৰিব পাৰি। এই ফেচবুকৰ মজিয়াতেই দিগন্ত কুমাৰ ভট্টাচার্য, জ্যোতিৰূপম দত্ত, দেৱাংগ পল্লৱ শইকীযা নামৰ তিনিজন লেখকৰ কিছু লেখা মাজে সময়ে প্রকাশ পাইছিল, যি ২০১৬ চনত 'সঞ্জীৱন' প্রকাশনৰ সহায়ত কিতাপ ৰূপে প্রকাশ হৈছিল "অনুভৱৰ আলাপ" নামেৰে ৷ কিতাপখনৰ বজাৰ মূল্য ১৮০ টকা ৷
![anubhobor aalp অনুভৱৰ আলাপ anubhobor aalap](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEj0juzUnXSUT1KeGVLv0DyTAXVuOKOFyuBvfYm3gn_ipBhSxrlgRlQc_aS4Im_QuDeS7UPWUFOGuooJiSCLN-Cq1MGizeg4seHjY8H6huuAOw0_zyGp6CcnD_hEXMWR5Jko_rOSGqVgYWA/w243-h320/PicsArt_09-24-08.41.03.jpg)
অনুভৱৰ আলাপ
![anubhobor aalp অনুভৱৰ আলাপ anubhobor aalap](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEj0juzUnXSUT1KeGVLv0DyTAXVuOKOFyuBvfYm3gn_ipBhSxrlgRlQc_aS4Im_QuDeS7UPWUFOGuooJiSCLN-Cq1MGizeg4seHjY8H6huuAOw0_zyGp6CcnD_hEXMWR5Jko_rOSGqVgYWA/w243-h320/PicsArt_09-24-08.41.03.jpg)
কিতাপখনত সন্নিৱিষ্ট প্রতিজন লেখকৰ প্রতিটো লেখাই বাস্তৱ জীৱনৰ অভিজ্ঞতাৰে পৰিপূর্ণ ৷ বাটে-ঘাটে, জীৱনৰ চৌপাশে প্রতিদিনে লগপোৱা মানুহৰ জীৱনৰ হাঁহি, কান্দোন, সুখ-দুখ, আমাৰ জীৱনত নিতৌ ঘটি থকা ঘটনা সমূহ, জীৱনত প্রভাৱ পেলাই যোৱা সৰুৰ পৰা সৰু সেই ঘটনাসমূহ লেখকে সামান্যতম কল্পনাৰ ৰহন সানি ইমান মনোগ্রাহী ৰূপত পাঠকলৈ আগবঢ়াইছে যে প্রতিটো লেখাই পাঠকৰ মনত এনে আৱেগৰ জোৱাৰ সৃষ্টি কৰে যি আৱেগে জীৱন্ত কৰি তোলে মানুহৰ মনৰ মূর্ত বহু ভাবাৱেগ ৷ সংকলনটিৰ প্রতিটো লেখাত সচাঁকৈয়ে যেন 'আলাপ' কৰিছে সৰ্বসাধাৰণ মানুহৰ 'অনুভৱ' বোৰে।
সংকলনটিৰ গোটেইবোৰ লেখাৰ বিষয়ে আলোচনা কৰাটো যিহেতু কঠিন সেয়েহে তিনিজন লেখকৰ তিনিটা সুন্দৰ লেখাৰ বিষয়ে চমু আভাস আগবঢ়ালো-
সর্ম্পক- দিগন্ত কুমাৰ ভট্টাচার্য
" ব্যস্ততা"-ভোক নিবাৰণৰ বাবে ব্যস্ততা, আধুনিক সমাজৰ লগত নিজকে খাপ খুৱাই লৈ যাবলৈ ব্যস্ততা, সংসাৰৰ ব্যস্ততা, নানান ব্যস্ততাৰ মাজত আটাইতকৈ উপেক্ষিত এটা কথা হৈছে মানুহৰ জীৱনৰ ' সম্পৰ্ক' বোৰ ৷ কাহানিও এৰিব নোৱাৰা এৰাব নোৱাৰা বুলি ভবা সেই বন্ধু জন, আমাৰ শৈশৱত, কৈশোৰত,যৌৱনত সাংঘাটিক ধৰণে প্রভাৱ বিস্তাৰ কৰা সেই মানুহজনৰ লগত সম্পৰ্কও সময়ৰ সোঁতত কৰবাত যেন থমকি ৰয়। দিগন্ত ভট্টাচাৰ্যৰ ' সম্পৰ্ক' তেনে এক প্রেক্ষাপটত ৰচিত যি আমাক অনুভৱ কৰাই -
" সম্পৰ্ক বোৰ ইমানেই ঠুনুকানে !? সময়ৰ সোঁতত কিছুমান সম্পৰ্কই অগ্ৰাধিকাৰ পাবলৈ ধৰে আৰু পুৰণা বহু সম্পৰ্ক লাহে লাহে হেৰাই যায় অজানিতে,আমাৰ অলক্ষিতে"।
'অভ্যৰ্থনা'- জ্যোতিৰূপম দত্ত
ক্ৰমাগতভাৱে আৰু অতি কৌশলেৰে আমাৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰা পশ্চিমীয়া সভ্যতা-সংস্কৃতিৰ আটাইতকৈ বেছি প্ৰভাৱ দেখিবলৈ পোৱা যায় আজিকালি বিবাহৰ অভ্যৰ্থনাত।বিয়াৰ পেণ্ডেলৰ পৰা কইনা বিদায় লৈকে প্ৰতিটো পৰ্ব গাঁওৰ সকলো মানুহে লগ হৈ কৰাৰ যি আন্তৰিকতা সেয়া বৰ্ত্তমান দুৰ্লভ।জ্যোতিৰূপম দত্তৰ লেখা 'অভ্যৰ্থনা'ৰ মাজেৰে লেখকে ব্যঙ্গাত্মক ভাষাৰে বিয়াৰ অভ্যৰ্থনাৰ কিছু ক'লা দিশ যেনে ' পেলনীয়া খাদ্যৰ দমৰ মাজত ভোকতুৰ এজনৰ ৰুটিৰ সন্ধান' উদঙাই দিছে।
'বাটে-ঘাটে' - দেবাংগ পল্লৱ শইকীয়া
'বাটে-ঘাটে' লগপোৱা পিঠিত বিক্ৰী কৰিব লগীয়া কাপোৰৰ বোজা কঢ়িয়াই হাঁহি মুখীয়া সেই ল'ৰাজন, 'বাটে-ঘাটে' লগপোৱা সেই বৃদ্ধজন, 'বাটে-ঘাটে' লগপোৱা সাধাৰণ শ্ৰেণীৰ সেই দোকানী জন, 'বাটে-ঘাটে' নিতৌ লগ পোৱা সৰু সৰু মানুহখিনিৰ অকণমান কাহিনী লৈয়ে ৰচিত 'বাটে-ঘাটে'।তেওঁৰ ভাষাতেই-" অপ্ৰেমৰ দুনীয়াত কিমান যে প্ৰেমৰ কাহিনী চৌপাশে... চকুৰ আগতে".