লক্ষ্মীনাথ বেজবৰুৱাৰ গল্প সমগ্র || The classic stories of Lakshminath Bezbaruah || Book Review

 লক্ষ্মীনাথ বেজবৰুৱাৰ গল্প সমগ্র


অসমীয়া চুটি গল্পৰ জনক আছিল লক্ষ্মীনাথ বেজবৰুৱা ৷ আজিৰ পৰা প্রায় এক শতিকাৰ আগতেই তেঁও চুটিগল্পৰ প্ৰৱর্তন কৰিছিল যি সময়ত আনকি পশ্চাত্য জগততেই চুটি গল্পৰ ধাৰাটো পূৰঠ  হোৱা নাছিল। তেনে এক সময়তে বেজবৰুৱাই সেই সময়ৰ সমাজ, পৰিৱেশক লৈ চুটি গল্পৰ সৃষ্টি কৰিছিল৷ বেজবৰুৱাৰ কালৰ সমাজখন আজি দুর্লভ ৷ তেওঁৰ সৃষ্টিত তাহানিৰ সমাজ পৰিৱেশ আৰু মানুহবোৰৰ আভাস পোৱা যায়। গল্প সমগ্ৰ খনত সলগ্ন বেজবৰুৱাৰ চুটিগল্পৰ পর্যালোচনাত লিখিছে-

"বেজবৰুৱা আছিল নিপুণ খনিকৰ ৷ তেওঁৰ চৰিত্র বোৰেই তাৰ নিদৰ্শন। তেঁও বস্তুৱ সমাজৰ পৰা চৰিত্র বোৰ আহৰন কৰি সিবোৰক বাস্তৱিক ভাৱেই উপস্থাপন কৰে৷ বাস্তুৱৰ লগত অৱশ্যে প্রয়োজনানুসাৰে খনিকৰৰ সূদক্ষ হাতৰ স্পৰ্শও আছে। ফলত চৰিত্ৰবোৰ অধিক আকৰ্ষণীয় হৈ উঠিছে।……….. গল্পকাৰ হিচাপে বেজবৰুৱাৰ সমাজ সচেতনতা প্রতিফলিত হৈছে বিভিন্ন গল্পৰ মাজত৷ সমাজৰ অনিষ্ট কাৰক দিশবোৰত তেওঁ কেতিয়াবা কঠোৰ হৈছে। সমাজ সংস্কাৰৰ ভাব এটা তেওঁৰ মনত অহৰহ জাগ্রত হৈ থকাৰ বাবে কঠোৰ মন্তব্য আৰু নির্মোহ সমালোচনা কৰিবলৈ তেওঁ কুণ্ঠাবোধ কৰা নাই।……… বেজবৰুৱাৰ প্রধান বৈশিষ্ট আৰু অৱদান অসমীয়া ভাষাৰ অপূর্ব ব্যৱহাৰ ৷ তেওঁ ভাষাক চেৰ পেলাব পৰা দ্বিতীয় এজন লেখক নাই। অসমীয়া ভাষাৰ কালিকা সোমাই আছে তেওঁৰ ৰচনাত ৷ গল্পবোৰৰ ভাষালৈ চালেই পাঠকসকলে সেইকথা উপলব্ধি কৰিব পাৰিব৷ তেওঁৰ কঠনভংগী,বাক্য বিন্যাস , ঠাট্টা - বিদ্রূপ ইত্যাদি গল্পবোৰৰ ভাষাৰ প্রধান বৈশিষ্ট্য। অধ্যাপক অর্তুল চন্দ্র হাজৰিকাই ক'বৰ দৰে ভাষাৰ বেজ বেজবৰুৱাই তেওঁৰ বহু গল্পত নিপুণ বেজালিৰ চিনাকি দিছে আৰু তাত অনুপানভেদে কৃপাবৰী ৰাসায়ানো প্রয়োগ কৰিছে ৷ যি কি নহওক বেজবৰুৱাই গল্পবোৰত প্রধানতঃ তিনিটা দিশক প্রত্যক্ষ বা পৰোক্ষভাৱে গুৰত্ব দিছে। প্ৰথম, তেওঁ ব্যক্তিৰ শুদ্ধিকৰণ বিচাৰে। দ্বীতিয়তে সমাজৰ শুদ্ধিকৰণ হ'বই লাগিব আৰু তৃতীয়তে ভণ্ডামিৰ স্বৰূপ উদঙাই দেখুৱাব লাগিব। আন ভাষাত চৰিত্ৰৰ স্বৰূপ প্রকাশ বেজবৰুৱাৰ ঘাই উদ্দেশ্য। "  


Lakshminath_Bezbaroa
লক্ষ্মীনাথ বেজবৰুৱাৰ গল্প সমগ্র

বেজবৰুৱাই সমাজৰ ৰক্ষণশীলতা তেওঁৰ গল্পসমূহৰ মাজেৰে উদঙাই দিছিল আৰু সেই বিলাকে কেনেদৰে মানুহৰ জীৱন বিপন্ন কৰে সেই কথাও দাঙি ধৰিছিল ৷

 লক্ষ্মীনাথ বেজবৰুৱাৰ গল্প সমগ্ৰ  সম্পাদনা কৰিছে হৃদয়ানন্দ গগৈ দেৱে। ইয়াত বেজবৰুৱাৰ  সুৰভি, সাধু কথাৰ কুকি , জোনবিৰি আৰু বাঁহী আৰু আন ঠাইত সিচঁৰতি হৈ থকা গল্প সমূহ সন্নিহিত কৰা হৈছে। 

'সুৰভি'ত সংলগ্ন হোৱা গল্পৰ সংখ্যা হৈছে বাৰটা ৷ গল্প কেইটা হৈছে -গীতা, ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ, নিস্তাৰিণী দেৱী বা ফাতেমা বিবি, বাপিৰাম, লাম্বোদৰ ডেকা, মলক গুইন গুইন, মিষ্টৰ ফিসৰ, ভুৰুকী বৌ, মাধৈমালতী, আৰু জাতিৰামৰ জাত 

'সাধু কথাৰ কুকি' ত আমালৈ নাপাহৰিব, স্বৰ্গাৰোহন, চোৰ, পুত্রবান পিতা, জয়ন্তী, ডাক্তৰ বাবুৰ সাধু, ধোৱা খোৱা, ভদৰী, শিৱপ্ৰসাদ, নকঁও আদিকে ধৰি ছাব্বিছটা গল্পক স্থান দিয়া হৈছিল

'জোনবিৰি' ত ষোল্লটা গল্প অন্তর্ভুক্ত কৰা হৈছে ৷ সংকলন খনৰ গল্পবোৰ হ'ল - আমাৰ সংসাৰ, যেনে চোৰ তেনে টাঙোন, কনকলতা, নাঙলুচন্দ্র দাস, জাৰা মণ্ডলৰ প্রেমাভিনয়, মৈদাম, মোৰে সৈতে মনাইৰ দ্বন্দ্ব, লোভ, কাশীবাসী, আদি ৷

এই তিনিখন সংকলনৰ উপৰিও বেজবৰুৱাৰ ভালেমান গল্প সংকলিত নোহাৱাকৈ থাকি গ'ল। তাৰ ভিতৰত ' বাঁহী '  ত থকা গল্পৰ সংখ্যাই সৰহI এনেকুৱা পোন্ধৰতা গল্প ও এই গল্প সমগ্র  খনত অন্তর্ভুক্ত কৰা হৈছে ৷