অৰণ্যৰ ছাঁ
“এতিয়াও চকু মুদিলেই পাওঁ পাহাৰৰ গোন্ধ - গছৰ গোন্ধ - সেউজীয়াৰ গোন্ধ।”
শৈশৱ কালৰ মধুৰ স্মৃতিবোৰ চিৰদিনলৈ ৰৈ যায় মনৰ কোনোবা এটা চুকত। আমনি কৰে সেইবোৰে হঠাৎ কেতিয়াবা পুৱতি নিশা সাৰ পাই শুনা কেতেকীৰ মাতত। ফাঁকুৱাৰ ৰঙৰ গোন্ধত, দেৱালীৰ বন্তি আৰু তিপটপ লাইটৰ পোহৰৰ আঁৰত, উৰুকাৰ দিনা মায়ে বনাই থকা তিল পিঠা, ঘিলা পিঠাৰ গৰম গৰম স্বাদত, দুৰ্গাপূজাৰ জেলেপি আৰু নানা ৰঙী মিঠাই বোৰৰ মিঠা সুবাহত, বৰদিনৰ পুৱা গীৰ্জা ঘৰৰ পৰা ভাঁহি অহা প্ৰাৰ্থনাৰ মাতত, বসন্তৰ আগমনত ফুলি উঠা ফুলবোৰৰ ৰঙৰ মাজত মই এতিয়াও বিচাৰি পাওঁ মোৰ শৈশৱ ৰো কৈশোৰৰ সেই মধুৰ সময়বোৰ।
ঠিক তেনেদৰেই, “অৰণ্যৰ ছাঁ” পঢ়ি থাকোতে লেখিকাৰ শৈশৱৰ স্মৃতিৰ মাজত বিচাৰি পাব পাৰি নিজা শৈশৱৰ গোন্ধ। আত্মজীৱনীৰ পৰশ থকা, কিন্ত সঁচা পটভূমিত লিখা এইখনি উপন্যাস পঢ়ি মই বাৰে বাৰে ঘূৰি যাওঁ আগৰ দিনবোৰলৈ।
ঠিক তেনেদৰেই, “অৰণ্যৰ ছাঁ” পঢ়ি থাকোতে লেখিকাৰ শৈশৱৰ স্মৃতিৰ মাজত বিচাৰি পাব পাৰি নিজা শৈশৱৰ গোন্ধ। আত্মজীৱনীৰ পৰশ থকা, কিন্ত সঁচা পটভূমিত লিখা এইখনি উপন্যাস পঢ়ি মই বাৰে বাৰে ঘূৰি যাওঁ আগৰ দিনবোৰলৈ।
Aranyar Shan |
“অতীতলৈ উভতি চালে এতিয়াও মই সেই চহৰৰ কোলাহল শুনা পাওঁ, বুকুত শুনা পাওঁ পাহাৰী দিখৌৰ কল্লোল আৰু কয়লা খনিৰ চাইৰেনৰ মাত।
এইখন উপন্যাসত মোৰ বুকুৰ স্পন্দন সোমাই আছে।”
এইখন উপন্যাসত মোৰ বুকুৰ স্পন্দন সোমাই আছে।”