মেৰেং
ষাঠি বছৰ পূৰ্বৰ সেই পুৰণি অসমৰ সমাজ আজিৰ সমাজ নহয়। সেই সময়ত North-East Frontier Agency (NEFA) অসমৰ অংগ ৰূপেই আছিল। ষাঠি বছৰৰ পূৰ্বেই বাঘ, ভালুক, সাপৰ সৈতে গাঁওপাতি থকা, শিক্ষাৰ পোহৰ নপৰা, অচিন ব্যক্তিক দেখিলেই ' আক্ৰমণ বা পলায়ন ' মনোভাৱ লোৱা নেফাৰ দুৰ্গম অঞ্চলত শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আগবাঢ়ি গৈছিল এদল অসমীয়া শিক্ষক আৰু নেতৃত্ব দিছিল এডিনবৰা বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰা বিদুষী নাৰী ইন্দিৰা মিৰিয়ে।সততে মেৰেং নামেৰে জনাজাত এইগৰাকী মহীয়সী নাৰীৰ জীৱনীভিত্তিক উপন্যাস অনুৰাধা শৰ্মা পূজাৰীৰ " মেৰেং"। কিতাপ খনত প্ৰতিফলিত হৈছে ইন্দিৰা মিৰিৰ লগতে সেই সকল অক্লান্ত সেনানীৰ ত্যাগ, নিষ্ঠা, সংযম, উন্নয়নমুখী মনোভাৱ যাৰ কথা সুঁৱৰিলে এতিয়াও শ্ৰদ্ধাত নতশিৰ হয়। কিতাপত আছে সেই ইতিহাস যি আজিৰ শিক্ষা ব্যৱস্থাৰ শিক্ষিত সমাজে কল্পনাও কৰিব নোৱাৰে।Mereng |
লেখকে কিতাপখনক মূল তিনিটা ভাগত ভাগ কৰিছে- অৰুনোদই, মধ্যাহ্ন আৰু গধূলি। প্ৰথম ভাগত ইন্দিৰা মিৰিৰ শৈশৱৰ পৰা আৰম্ভ কৰি বিয়ালৈকে বৰ্ণনা কৰাৰ পৰিৱর্তে মধ্যাহ্ন অংশত মুলতঃ নেফা আৰু ইন্দিৰা মিৰিক সুন্দৰ ভাবে অংকন কৰিছে।কিতাপ খনত লগতে লেখকে ইন্দিৰা মিৰিৰ স্বামী মহিচন্দ্ৰ মিৰিৰ সন্দৰ্ভত অৱগত কৰিছে যিজন মহিচন্দ্ৰ মিৰি ' মিচিং' নামে জনাজাত জনগোষ্ঠীৰ প্ৰথম বিজ্ঞান স্নাতক আৰু কাজিৰঙা অভয়াৰণ্যক বিশ্বৰ মানচিত্ৰত সসন্মানে বহুৱাবলৈ সক্ষম হোৱা প্ৰথম জন বন সঞ্চালক আছিল।