তেজে ধোৱা সময় || Teje dhowa somoy || Bhrigunswar Sharma || Book Review

তেজে ধোৱা সময়


চন১৯৭৯-৮৫,অসমৰ এক ক'লা অধ্যায়ঃ অসম আন্দোলনৰ ইতিবৃত্তিৰ ৱাস্তৱিক ৰূপ ভৃংগেশ্বৰ শৰ্মাদেৱৰ"তেজে ধোৱা সময়"। কেইটিমান ঔপন্যাসিক চৰিত্ৰৰ মাজেদি অসম আন্দোলনৰ প্ৰতিটো মুহুর্তৰ বিৱৰণ শৰ্মাদেৱে যিদৰে দিছে,তেনে নিৰ্ভীক বিৱৰণ অসমীয়া সাহিত্যত দুৰ্লভ। গতানুগতিক, শান্তিপূর্ণ,গনতান্ত্রিক অসম আন্দোলন,নিকৃষ্ট ৰাজনীতিৰ মেৰপাচত সেমাই ৰক্তাক্ত হোৱাৰ আঁৰৰ প্ৰতিটো ঘটনাৰ সাক্ষী"তেজে ধোৱা সময়"।



teje-dhowa-xomoi-books assamese-novel-books

Teze dhowa somoy

কিতাপখনত ক্ষমতাৰ লালসাত উটি-ভাহি ফুৰা আন্দোলনৰ নেতাসবৰ নিকৃষ্টতাৰ উমান পোৱা যায়। অসমৰ প্ৰথমখন অবৈধ নিৰ্বাচনৰ,অবৈধ মূখ্যমন্ত্ৰীজনৰ হৈ প্ৰচাৰ চলাবলৈ আহি প্ৰধানমন্ত্ৰীয়ে দি থৈ যোৱা সাম্প্রদায়িক বীজে নেলীত আৰু আন্দোলনৰ ভুল বুজিয়ে গহপুৰত যি ৰক্তপাতৰ সুচনা কৰিলে, তাৰ বিৱৰনে প্ৰত্যেক জন পঢ়ুৱৈক ভাবিবলৈ বাধ্য কৰিব, বেজবৰুৱাদেৱৰ"চিকুণীৰ দেশ"এইখন হয় জানো! আন্দোলনৰ বিপথগামী,এচাম দেশপ্রেমিকে লোৱা সশস্ত্র বিদ্ৰোহৰ পথ, আন্দোলনৰ আভুৱা ভৰা সামৰনি,এই সকলোবোৰৰ বিৱৰণ লেখকে সবিস্তাৰে কৰিছে। গ্ৰন্থখনে পঢ়ৱৈ সমাজৰ, অসমৰ "ঘৰ শত্ৰু বিভীষন"ধাৰণাটো স্পষ্ট কৰাৰ লগতে কাৰ ভুলৰ বাবে অসমত অসমীয়াৰ অস্তিত্বৰ ওপৰত আজিও প্ৰশ্ন উঠে সেয়াও স্পষ্ট কৰে।