শ্চিচকিন, মই আৰু বহুতো || Swiskin, Moi Aru Bahuto || Nishi Barkotoki || Book Review

শ্চিচকিন, মই আৰু বহুতো


সমাজবাদী দেশ হিচাপে ছোভিয়েট ৰাছিয়াত শিশু-সাহিত্যৰ ক্ষেত্ৰত বিশেষ ভাৱে সূক্ষ্ম দৃষ্টি দিয়া হয়।শিশুৰ সর্বোত্তপ্ৰকাৰৰ বিকাশৰ বাবে শিশুৰ সুস্থ,সৃষ্টিশীল মনস্তত্বৰ উদ্দেশ্যে শিশু পাঠ্যপুথি সমূহ যথেষ্ট গৱেষণাৰ মাজেৰে আগবাঢ়ে।গতিকে তেনে পৰিপ্ৰেক্ষিতত এন.নছ'ফৰ শিশু-সাহিত্য 'স্কুল বয়জ'ৰ ৰচনা নিশ্চিতেই প্ৰগতিবাদী, প্ৰাণৱন্ত আৰু শিশুৰ সুস্থ মানসিক বাতাবৰণৰ বাবে উপযোগী। ১৯৫১ চনত বিখ্যাত ছোভিয়েট সাহিত্য পুৰস্কাৰ 'ষ্টালিন বঁটা' লাভ কৰিবলৈ সক্ষম হোৱা এই কিতাপ খনক অসমীয়ালৈ অনুবাদ কৰিছিল নিশি বৰকটকীয়ে 'শ্চিচকিন, মই আৰু বহুতো'। কিতাপ খন অসম প্ৰকাশন পৰিষদে ১৯৮৩ চনত প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰি উলিয়াইছিল যাৰ বজাৰ মূল্য ৯০ টকা।


Swiskin_Moi_Aru_Bahuto Nishi_Barkotoki_Books
শ্চিচকিন, মই আৰু বহুতো

কিতাপ খনৰ মূল চৰিত্ৰ হিচাপে আগবাঢ়িছে 'ভিত্যা' আৰু 'শ্চিচকিন' নামৰ দুজন কিশোৰৰ কথাৰে। পঢ়া-শুনাৰ ক্ষেত্ৰত অংক আৰু ৰুছ সাহিত্যত দুৰ্বল ছাত্ৰ দুজনৰ কিশোৰ মনৰ দাপোন স্বৰূপ কিতাপখন। শৈশৱ-যৌৱনৰ সন্ধিক্ষণ কৈশোৰ অৱস্থাটোত কিশোৰ এজনৰ মনৰ যথেষ্ট পৰিৱৰ্তন হয়। সৃষ্টিশীল কামৰ প্ৰতি মনোনিৱেশ, নতুন চিন্তাৰ উন্মেষ, মানসিক অন্তকন্দল, সঁচা-মিছা ভুল- শুদ্ধৰ অভিসন্ধি আদি নানান নতুন কথাই কিশোৰ এজনক ব্যস্ত কৰি ৰাখে।সেইসময়ত প্ৰতিটো ঘটনাৰ ইতিবাচক, নেতিবাচক দিশ সম্পৰ্কে আঙুলিয়াই দি ব্যক্তিত্ব বিকাশত অৰিহণা যোগাই অভিভাৱক, পৰিয়াল তথা শিক্ষক সকলেও।কিতাপ খনত এইখিনি কথায়ে পৰিস্ফুট হৈছে। নিস্বাৰ্থ বন্ধুত্বই আৱৰা শ্চিচকিন আৰু ভিত্যাৰ স্কুলীয়া জীৱনৰ সফলতা, বিফলতা, আত্মসমালোচনা, আত্মসন্মান, সংযম আদিৰ সমাহাৰেৰে আগবঢ়া কিতাপ খনত শিক্ষক শিক্ষয়ত্ৰী, বন্ধু-বান্ধৱী,পিতৃ-মাতৃৰ এজন কিশোৰৰ ভৱিষ্যত, ব্যক্তিত্ব তথা চাৰিত্ৰিক বিকাশত ভূমিকা সন্দৰ্ভে অতি গুৰুত্বপূৰ্ণ অতি গুৰুত্বপূৰ্ণ তথা মননশীল ভাষাৰে পাঠকৰ আগত দাঙি ধৰিছে।সকলোধৰণৰ অসম্পূর্ণতা, তিক্ততা,সংযমহীনতা,বিফলতা, স্ববিৰোধ এৰি দুয়োজনে নিজক বিচাৰি যায় উত্তৰণৰ দিশত।সকলোধৰণৰ ঋণাত্মক কথাৰ ঊৰ্ধত ইতিবাচক ধনাত্মক দিশেৰে সামৰণি পৰা এই কিতাপ খন প্ৰতিজন শিশু কিশোৰৰ লগতে অভিভাৱক সকলৰ বাবেও চিৰদিন এক সুখপাঠ্য হৈ ৰব।