প্ৰহৰী || Prahari || Bhabendra Nath Saikia || Book Review

প্ৰহৰী

অসমৰ এজন আগশাৰীৰ সাহিত্যিক হিচাপে ড° ভবেন্দ্ৰ নাথ শইকীয়াদেৱৰ সাহিত্যৰাজিৰ লগত চিনা-পৰিচয় নথকা লোক বোধহয় নোলাব। সৰল ভাষাৰে মসৃণ গতিত গল্প এটাক কেনেকৈ লৈ গৈ থাকিব পাৰি, সেয়া তেখেতৰ গল্পসমূহ পঢ়িলেই অনুমান কৰিব পাৰি। 

prahari-books bhabendra-nath-saikia-short-story-book
Prahari

'প্ৰহৰী' শীৰ্ষক গল্প সংকলনখনত শইকীয়াদেৱৰ মুঠ সাতটা গল্প সন্নিৱিষ্ট হৈ আছে - 'প্ৰহৰী', 'বাৰান্দা', 'সময়', 'বন্দীশাল', 'দুৰ্ণাম', 'সৎকাৰ' আৰু 'দৰিদ্ৰ কুবেৰ' । গল্পসমূহৰ ৰচনাকাল ১৯৫৯ৰ পৰা ১৯৬২ৰ ভিতৰত আৰু সমল সেইসময়ৰ পৰিয়াল বা ব্যক্তিবিশেষৰ জীৱনত সচৰাচৰ ঘটি থকা ঘটনাৱলী। উদাহৰণস্বৰূপে, 'প্ৰহৰী' গল্পটোৰ বিষয়বস্তু 'একমাত্ৰ সন্তান' নিশাক কেন্দ্ৰ কৰি ঘূৰি থকা ৰজনী মাষ্টৰৰ পৰিয়াল। নিশা জন্ম হোৱাৰ আগত দুবাৰকৈ জন্ম হৈ মৃত্যু হোৱা সন্তানৰ পৰা নিশাৰ গাভৰু মনৰ বতৰা আৰু শেষত নিশাৰ মাকৰ বেদনা প্ৰকাশ কৰালৈকে কোনোখিনিতে গল্পকাৰে পাঠকৰ আঁত হেৰাব পৰা সকলো সম্ভাৱনা সৰল ভাষা আৰু সৰস বৰ্ণনাৰে নস্যাৎ কৰিছে। 'বাৰান্দা' গল্পটো মূলতঃ পৰিয়ালৰ পৰা কৰ্মসূত্ৰে আঁতৰি থাকিবলগীয়া হোৱা এজন মানুহ আৰু তেওঁৰ ঘৰখন। গল্পৰ উপস্থাপন আকৰ্ষণীয়, কাহিনীভাগ আগবাঢ়িছে মানুহজনলৈ তেওঁৰ পত্নীয়ে প্ৰেৰণ কৰা চিঠিৰ যোগেদি। চিঠিখনৰ কথাৰ মাজেৰেই লেখকে মানুহজনৰ ঘৰৰ কথা কৈছে, তেওঁৰ জীয়েক কেনেকৈ ডাঙৰ হৈছে সেয়া কৈছে, ঘৰত লাচনি-পাচনি কৰিবলৈ অহা গজেন আৰু মায়াৰ কথা কৈছে। গল্পৰ শেষত লেখকে পাঠকলৈ এৰি দিছে এটা অনাহুত প্ৰশ্ন, পঢ়ি থাকোঁতে তেনে এটা সাধাৰণ অথচ চিন্তা উদ্ৰেককাৰী সামৰণিৰ কল্পনা কৰা অসম্ভৱ। ঠিক সেইদৰে, 'দৰিদ্ৰ কুবেৰ'ৰ কাহিনী আৰু উপস্থাপন চমকপ্ৰদ। প্ৰথম পৰ্যায়ত মৃণাল চৌধুৰী নামৰ এক অপ্ৰসিদ্ধ গল্পকাৰৰ গল্পৰ কথাৰে লেখকে কাহিনীভাগ আগুৱাই নিছে। পাছৰ পৰ্যায়ৰ কাহিনীৰ বিষয়ে প্ৰথমভাগ পঢ়ি থাকোঁতে অনুমান কৰিব পৰা নাযায় আৰু সেয়ে গল্পটোৰ সামৰণিও অনন্য। 

গল্প সংকলনটিত সন্নিৱিষ্ট আটাইকেইটা গল্পই কাহিনী আৰু উপস্থাপনৰ ভিন্নতা দাবী কৰে। বিশেষকৈ গল্পৰ আৰম্ভণি আৰু সামৰণিৰ কৌশলে যে পাঠকক মোহাৱিষ্ট কৰি ৰাখে, তাত কোনো সন্দেহ নাই। অতি নাটকীয় নকৰাকৈ আৰু সকলো স্তৰৰ পাঠকক চুই যাব পৰা বৈশিষ্ট্যৰ বাবে ড° শইকীয়াদেৱৰ গল্পৰ সমাদৰ সদায়েই থাকিব