মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা || Mariam Astin Athaba Hira Barua || Arupa Patangia Kalita || Book Review

মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা


অসমৰ এগৰাকী প্ৰথিতযশা ঔপন্যাসিক, লেখিকা অৰূপা পটংগীয়া কলিতাৰ এখন অন্যতম শ্ৰেষ্ঠ গল্পৰ সংকলন 
"মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা"। কিতাপ খন প্ৰথম প্ৰকাশ হৈ ওলাইছিল ২০১২চনত আৰু বৰ্তমান মূল্য ২০০ টকা।ইয়াত সন্নিবিষ্ট গল্পসমূহ লেখিকাই ২০১১ ৰ পৰা ২০১২ ভিতৰত লিখা আৰু পাঠকৰ সমাদৰ তথা উচ্চমানবিশিষ্ট গল্পৰ সমাহাৰৰ বাবে গ্ৰন্থ খনে ২০১৪ বৰ্ষত সাহিত্য অকাডেমী সন্মানেৰে বিভূষিত হৈছিল।


arupa-patangia-kalita-books
Mariam Astin Athaba Hira Barua

গল্প সংকলন খনত সন্নিৱিষ্ট গল্পসমূহ হৈছে
'অশ্ৰুলিপি', 'পুতগ্নি', ' পুত্ৰৰ বাবে এটা গৰম জেকেট', 'আৰ্তি', 'চহৰ খনত মাজ নিশা সোমোৱা আধাপোৰা গাড়ী খন', 'শুভদিন', 'তালগছৰ পুলি লগোৱা মানুহজন', 'বৃন্দা খুৰীৰ হাতৰ এককাপ কফি', 'নিজৰা' আৰু 'মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা'। সংকলনটিত থকা গল্প সমূহ অত্যন্ত মনোগ্ৰাহী যি পাঠকক যন্ত্ৰণা দিব, ভবাই তুলিব আৰু শেষ পৰ্যন্ত উদ্বুদ্ধ কৰিব।

         কিতাপ খন সন্দৰ্ভত প্ৰকাশক গোষ্ঠীয়ে লিখা এটা টোকৰ পৰাই কিয়দংশ আগবঢ়াইছে যি গল্পবোৰৰ বিষয়ে এক সামগ্ৰিক ধাৰণা দাঙি ধৰিছে--
" এই সংকলনত অন্তৰ্ভুক্ত গল্পসমূহে অৰূপা পটংগীয়া কলিতাৰ সৃষ্টিশীলতাৰ অনন্যতা, বৈশিষ্ট্য আৰু বৈচিত্ৰ্য কোনো ছেদ নোহোৱাকৈ বহন কৰিছে।বিশ্বায়নৰ ফলত অহা পৰিবৰ্তনৰ ধামখুমীয়াত বিপৰ্যস্ত, বিপন্ন, ক্লিষ্ট আৰু বিমূঢ় মানুহৰ কাহিনী মৰ্মস্পৰ্শী ভাষাৰে বিধৃত কৰিছে সমাজ সচেতন আৰু ইতিহাস সচেতন লেখক গৰাকীয়ে। মৰিয়ম আষ্টিনৰ একাকীত্ব আৰু অসহায়তা আমাৰ সমাজত সৌসিদিনা লৈকে আছিল অচিনাকি গ্ৰহান্তৰৰ কাহিনীৰ দৰে কিন্তু হীৰা বৰুৱা মৰিয়ম হৈ উঠাৰ বাস্তৱতা আজি আমাৰ জীৱনৰ অংগ।পৰিৱৰ্তন আহিছে, দিনবোৰ সলনি হৈছে এটা বিশেষ শ্ৰেণীৰ বাবে, কিন্তু দেশৰ নব্বৈ শতাংশৰো অধিক মানুহৰ বাবে ' শুভদিন' কেতিয়া আহিব সেই প্ৰশ্নৰ উত্তৰ এতিয়াও নাই। ' পুতগ্নি ' বা 'বৃন্দাখুৰীৰ' চৰিত্ৰবোৰ এনে পৰিবৰ্তনৰেই বিষময় পৰিণতি।