কটন কলেজ || Cotton College || Nabin Baruah || Book Review

কটন কলেজ


"আপুনি কটন কলেজত পঢ়িছিল?

নাই পঢ়া।

আপুনি কটন কলেজত পঢ়িছে?

নাই পঢ়া।

তথাপি এইখন কলেজ আপোনাৰ অচিনাকি নহয়।চিনাকি খুব মৰম লগাকৈ চিনাকি।

হাজাৰজনৰ হাজাৰ মৰমৰ কটন কলেজ।প্ৰাণচঞ্চল, চিৰযৌৱনা।"

Cotton_College Nabin_Baruah
কটন কলেজ

কটন কলেজ বুলি কলেই প্ৰতিজন কটনীয়ান, অকটনীয়ান তথা সমগ্ৰ অসমবাসীৰ যি ভাবাৱেগ তাক শব্দৰে প্ৰকাশ কৰাটো খুবেই কঠিন।এই মৰমৰ কটন কলেজৰ পটভূমিতেই ১৯৬৫ চনত (ৰচনাকাল) মাত্ৰ ২৩ বছৰ বয়সৰ অভিজ্ঞতাৰে পুষ্ট হৈয়ে নবীন বৰুৱাই ৰচনা কৰি উলিয়াইছিল 'কটন কলেজ' নামেৰে উপন্যাসখন।প্ৰথম প্ৰকাশৰ সময়তেই তেওঁৰ অজানিতেই অসমৰ সাহিত্যত প্ৰথম Campus Novel লিখাৰ গৌৰৱ অৰ্জন কৰিছিল।ৰবেন্দ্ৰ কুমাৰ দাসৰ অনুসন্ধান মূলক প্ৰবন্ধৰ মতে ভাৰতীয় ভাষাটো এইখনেই প্ৰথম Campus Novel

সপোনৰ কটন কলেজত পঢ়িবলৈ অহা নিৰঞ্জন বৰুৱা নামৰ চৰিত্ৰটি অসমৰ প্ৰতিজন নিম্নমধ্যবিত্ত দৰিদ্ৰ পৰিয়ালৰ প্ৰতিনিধি যিয়ে পেটত ভোক ৰাখিও দুচকুত হাজাৰ স্বপ্ন আঁকে সপোনৰ কটন কলেজত নিজৰ ভৱিষ্যত গঢ়াৰ। অৱস্থা সম্পন্ন হৈও নিজৰে দদায়েক,পেহীয়েক হতে সময়ত পঢ়াৰ খৰছ দিবলৈ টান পোৱাৰ পৰিৱৰ্তে নিৰঞ্জনে দেখিছিল ঘৰৰ বনকৰা মিনীয়ে গুৱাহাটী আহিবৰ সময়ত হাতত গুজি দিছিল অফুৰন্ত মৰমৰ চিনস্বৰূপে কেইটামান ভঙা পইচা।কটনৰ হোষ্টেলত আজি লগ পোৱা ৰমেন,কৰৱী,দীপা,বিমল সকলোবোৰেই চোন একো একোটা কাহিনী।কিতাপৰ মাজেদি লেখকে হোষ্টেলীয়া জীৱনৰ বিভিন্ন ঘটনা আমোদজনক ভাৱে প্ৰকাশ কৰাৰ লগতে অত্যন্ত গুৰুত্বপূৰ্ণ ঘটনা কিছুমানকো মনোগ্ৰাহীৰূপে প্ৰকাশ কৰি দৃষ্টি আকৰ্ষণ কৰিছে।তাৰে ভিতৰত 'ৰেগিং' ব্যৱস্থা।এইবিষয়ে বৰ্ণনা কৰিবলৈ যাওঁতে তেওঁ আক্ষেপেৰে লিখিছে " Animality gives sincerity "। সিহঁতেও মোৰ পৰা শিকিলেহেতেন মাক দেউতাকৰ বুকুৰ পৰা ওলাই আহি আত্মনিৰ্ভৰশীল হ'বলৈ শিকা জীৱনটোৰ প্ৰথম খোজতে, তথাকথিত সমাজ খনত যদি জীয়াই থাকিবলৈ খুজিছা, যদি মানুহ বুলি চিনাকি দিব খুজিছা, তুমি পশু হোৱা,মানুহ হবলৈ বিচৰা মানেই পিৰালীৰ কুকুৰ হোৱা তথাকথিত সমাজ খনৰ চুৱাপাতত ঠাই লৈ জীৱনৰ অৰ্থ বিচৰা।" দৰিদ্ৰতা, ৰূঢ় বাস্তৱে উচ্চশিক্ষাৰ স্বপ্নভঙ্গ কৰা বিমলৰ আৰ্থিক দুৰৱস্থাৰ বাবেই এসাজ ভাত হোষ্টেলত খাব নিদিয়াৰ সময়ত আনৰ চকুত সততে বেয়া ল'ৰা ৰমেনে একমাত্ৰ তাৰ হৈ প্ৰতিবাদ কৰিছিল আৰু তেতিয়া নিৰঞ্জনে অনুভৱ কৰিব পাৰিছিল যে ' যাৰ এসাঁজ ভাত খোৱাৰ অধিকাৰ নাই, তাৰ পঢ়িবৰ অধিকাৰ ক'ত?শিক্ষা বোলা কথাটো দুখীয়াক পুতৌ কৰিবৰ কাৰণেহে।"

প্ৰেম আহিছিল নিৰঞ্জনৰ জীৱনলৈও, ফাগুনৰ দৰেই কবিতা লিখা ল'ৰাজনৰ আৰ্থিক স্বৰূপ নজনাকৈয়ে প্ৰেম হৈছিল কৰবীৰ। প্ৰগাঢ় এই প্ৰেমৰ সফল পৰিসমাপ্তি যে অসম্ভৱ এই কথা উপলব্ধি কৰিব পাৰি মৰমৰ প্ৰেয়সীলৈ এখন চিঠিৰে কাহিনীৰ সামৰণি পৰিছে যিখন চিঠিয়ে আজিও প্ৰতিজন প্ৰেমিক-প্ৰেমিকাৰ অন্তৰ ভেদী অশ্ৰু নিগৰাবলৈ যথেষ্ট। সুদীৰ্ঘ ৫০ বছৰ ধৰি প্ৰতিটো প্ৰজন্মক মোহাচ্ছন্ন কৰি ৰাখিছে নবীন বৰুৱাৰ 'কটন কলেজে', ঠিক কটন কলেজৰ দৰে, প্ৰাণচঞ্চল চিৰযৌৱন। 'কটন কলেজে' বোৱাই ৰাখিছে প্ৰতিজন অনুভৱী লেখকৰ প্ৰেম,যৌৱন, আশা-আকাংক্ষা, স্বপ্নৰ ধাৰা আৰু লগতে অসমৰ প্ৰতিজন নিৰঞ্জনৰ দৰিদ্ৰতাৰ লগত আজীৱন সংগ্ৰামৰ গতিধাৰা।