জীৱনৰ আধৰুৱা ছবি
জীৱন নদীৰ দৰে বৈ থাকে। জীৱনেও বাট সলায় নদীৰ দৰে। নদীৰ কাষতে ডাঙৰ হোৱা মানুহৰ নদীৰ সতে সম্পৰ্ক বৰ গভীৰ ৷ নদীয়ে জীৱিকাৰ বাট দিয়ে। কেতিয়াবা সপোন বানে উটোৱাই নিয়ে। এনেকুৱা এখন খৰস্ৰোতা নদী মিটিং ৰ পাৰত ৰমাৰ গাঁও ৷ এই নদীখনৰ লগতে প্রায় তিনি কুৰি বছৰীয়া ওতঃপ্রোত সম্বন্ধ ৰমাৰ৷ অকল ৰমাৰে নহয়, গাঁওখনৰ সকলো মানুহৰ জীৱনৰ লগত নদীখনৰ এক নিবিড় সম্পৰ্ক৷ পাৰলিগুৰি গাঁৱৰ পূৱ দিশে একাবেকা হৈ বৈ গৈছে এই নদী খন। স্ফতিকৰ দৰে স্বচ্ছ পানী। এই নদীৰ লগতেই বিজড়িত হই আছে তেঁওলোকৰ জীৱনৰ নানান পাহৰিব নোৱাৰা দুখৰ স্মৃতি ৷ এই গাঁওখন আৰু দৰিদ্ৰতাৰ গ্ৰাসৰ পৰা মুক্ত হ'বলৈ প্ৰাণপণে যত্ন কৰা ৰমাৰ জীৱনক লৈয়ে উপন্যাস খনৰ কাহিনী ভাগ।
উপন্যাস খনৰ কাহিনীত বর্ণিত গাঁও খনৰ পৰিবেশ এতিয়া লাহে লাহে নোহোৱা হব ধৰিছে৷ অর্থনৈতিক উন্নতিও হৈছে। কিন্তু উপন্যাসৰ নায়কৰ দৰে এতিয়াও বহুজনে দৰিদ্ৰতাৰ কৰাল গ্ৰাসৰ পৰা মুক্ত হ'বলৈ যত্ন কৰিছে৷ প্রাণপণে প্ৰৰিশ্ৰম কৰিছে। আমাৰ সমাজত এতিয়াও বহুজন ৰমা আছে। উপন্যাসিকৰ ভাষাৰে-
"এনে ধৰণৰ বহুত কাহিনী আছে। এবাৰ এনে এটা কাহিনী এখন ভিতৰুৱা গাঁৱৰ এজন দৰিদ্ৰ লোকৰ মুখত মই শুনিছিলো ৷ কিছুমান সৰু সৰু কাথাইও মানুহৰ মনত গভীৰ ৰেখাপাত কৰে৷দৰিদ্র মানুহজনৰ মুখত শুনা সৰু সৰু মানুহৰ দুখ দুর্দ্দশাৰ এটা সৰু কাহিনীয়ে মোৰ মনত দ-কৈ সাঁচ বহুৱাইছিল ৷ এই কাহিনীটোৱেই মোৰ উপন্যাসখনৰ মূল চালিকা শক্তি। সেয়াই মোৰ অনুপ্ৰেৰণা ৷ উপন্যাস খনৰ কাহিনীটো মই বাস্তুৱ বুলিয়েই ভাবিছো।"
জীৱনৰ বিয়লি বেলাতো জীয়াই থকাৰ সগ্ৰাম কৰিবলৈ ৰমাই গাৱৰ গড়াটোৰ ওপৰত থাকা এজাৰ জোপা কাটি এখন নাও বনোৱাৰ সপোন দেখিছিল। এই সপোন টোকে সচা কৰিবলৈ ৰমাৰ সংগ্ৰামক উপন্যাসিক অতুল চন্দ্র মহন্তই বৰ সুন্দৰকৈ সজাই তুলিছে।