ধন্য নৰ তনু ভাল || Dhanya Nara Tanu Bhaal || Syed Abdul Malik || Book Review

ধন্য নৰ তনু ভাল


বিশৃংখল শাক্তপন্থী অসমীয়া সমাজৰ  পৰা বঞ্চিত, পীড়িত সাধাৰণ নিবিৰ্শেষে সকলো মানুহক সন্মানজনক সামাজিক মৰ্যাদা প্ৰদান কৰা, উচ্চ- নীচ ভেদাভেদ পৰিহাৰি বৈষ্ণৱ ধৰ্মেৰে এক উদাৰ মানৱতাৰ সমাজ গঠন কৰি লুইত পাৰৰ সমাজৰ আৰ্থ- সামাজিক, সাংস্কৃতিক ৰূপ সলনি কৰা শংকৰ ভূঞা, আমাৰ গুৰুজনাৰ ওপৰত লিখা প্ৰথম জীৱনীভিত্তিক উপন্যাস 'ধন্য নৰ তনু ভাল'। কিতাপখন ঔপন্যাসিক চৈয়দ আব্দুল মালিকে লিখি উলিয়াইছিল ১৯৮৭ চনত, যাৰ বজাৰ মূল্য ২০০ টকা। 

Dhanya_Nara_Tanu_Bhaal Syed_Abdul_Malik_Book
ধন্য নৰ তনু ভাল 

কিতাপখন লেখকে তিনিতা খণ্ডত বিভক্তি কৰিছে য'ত প্ৰথম খণ্ডত শংকৰ ভূঞাৰ শৈশৱ, শিক্ষা-দীক্ষাৰ লগতে সেই সময়ৰ অসমৰ সমাজ ব্যৱস্থা, উচ্চ-নীচ ভেদাভেদ, প্ৰাকৃতিক ঘটনাৰ অলৌকিক নাম দি নীহকুলীয় মানুহৰ ওপৰত পীড়ন ব্যাখ্যা কৰিছে। আনহাতে পিছৰ দুটা খণ্ডত সমাজ সংস্কাৰক বৈষ্ণৱ ধৰ্মৰ জনক শংকৰদেৱক অংকন কৰিছে। কিতাপখনৰ মাজেদি মালিকদেৱে শংকৰদেৱৰ জীৱন আদৰ্শৰ লগতে অন্যান্য কিছু ইতিহাসৰ দিশ যেনে মুছলমান সকলৰ অসম আগমণ, সাচিপতীয়া পুথিৰ ৰচনাশৈলী, ইছলাম ধৰ্মৰ চমু পৰিচয়, হাতী-দাঁতৰ শিল্প, নৈৰ বালিৰ পৰা সোণ নিষ্কাষণ প্ৰণালী আদিও সংক্ষিপ্ত শব্দত বৰ্ণনা কৰিছে। 

বেদ উপনিষদ, শিক্ষা, ইশ্বৰ প্ৰাৰ্থনা আদি বিষয়সমূহ সদায়ে এটা নিৰ্দিষ্ট শ্ৰেণীৰ মানুহৰ মাজতে সীমাবদ্ধ আছিল যাৰপৰা সমাজৰ নীচ বুলি গণ্য কৰা শ্ৰেণীটোক সদায় আতৰাই ৰখা হৈছিল,তাকে প্ৰত্যক্ষ কৰি ছাত্ৰ শংকৰৰ মনত সৃষ্টি হোৱা ভাৱ লেখকে প্ৰকাশ কৰিছে এইদৰে  —

“মানুহ মানুহৰ মাজৰ এনেধৰনৰ ব্যবধান কিয় চলি থাকিব লাগে? ঈশ্বৰ সকলো মানুহৰ কাৰণে। ঈশ্বৰৰ কথা থকা ধৰ্ম শাস্ত্ৰবোৰো সকলো মানুহৰ কাৰণে নহ'ব কিয়? আছুতীয়াকৈ এমুঠি মান মানুহৰ বাবে হ'ব কিয়?শাস্ত্ৰৰ অচিনাকি আৰু বুজিব নোৱাৰা ঈশ্বৰক মানুহৰ চিনাকি আৰু বুজিব পৰা ঈশ্বৰ কৰিব নোৱাৰিলে, মানুহৰ পৰা ঈশ্বৰ দূৰতে ৰৈ যাব, ঈশ্বৰৰ পৰাও মানুহ দূৰতে ৰৈ যাব।......"

সেয়েহে গুৰুজনাই ঈশ্বৰক সাধাৰণ মানুহৰ মাজলৈ বোৱাই আনি ধৰ্ম-শাস্ত্ৰ বোৰক সহজ ভাষালৈ অনুবাদিত কৰি‌ গীত-নৃত্য,নাট,ভাওনাৰ মাজেৰে এক নতুন যুগৰ সৃষ্টি কৰিছিল যি আছিল ৰক্ষণশীল, ভেদা-ভেদশীল সমাজৰ উৰ্দ্ধত এক নতুন প্ৰভাতৰ হেঙুলী পোহৰ।

ব্ৰাহ্মণ সকলৰ অভিযোগ, আৰোপৰ ওপৰত ভিত্তি কৰি নৰনাৰায়ণৰ সভাত গুৰুজনাই যি বাখ্যা দাঙি ধৰিছিল সেয়াই প্ৰকৃততে তেওঁৰ জীৱন দৰ্শন।

৬ মাহ ধৰি বিভিন্ন পুথি অধ্যয়ন কৰি, শঙ্কৰ দেৱৰ ওপৰত গৱেষণা কৰি তেওঁৰ সত্তাটোকে যেন ধাৰণ কৰি লৈছিল মালিকদেৱে।সেয়েহে পুথিখনৰ শেষৰ ফালে শঙ্কৰদেৱৰ জীৱনৰ অন্তিম মূহুৰ্ত বৰ্ণনা কৰি মালিকদেৱ শোকস্তব্ধ হৈ পৰিছিল যেন তেওঁৰ পৰা আঁতৰি গুৰুজনা চিৰ কালৰ বাবে মহাপ্ৰস্থান কৰিছে।