সময় || Somoy || Hiranya Kashyap || Book Review

সময়


মূলতঃ ৭০-৮০ দশকৰ এটা পটভূমিত ৰচিত হোৱা " সময়" উপন্যাস খন " সীমান্ত"ৰ লেখক ৰূপে খ্যাত হিৰণ্য কাশ্যপৰ দ্বিতীয় খন সফল গ্ৰন্থ। কিতাপ খন বনলতা প্ৰকাশনে প্ৰথম প্ৰকাশ কৰি উলিয়াইছিল ২০০৪ চনত।



somoy-assamse-novel hiranya-kashyp-books
Somoy 

 ৭০ দশকৰ এটা নিম্ন মধ্যবিত্ত পৰিয়াল, তথা উচ্চপদস্থ হৈও সৎ পথত থকা বিষয়া নৰেন্দ্ৰ নাথ চৌধুৰীৰ ঘৰ খনক মূল কাহিনী হিচাপে আগবঢ়া কিতাপ খনে পিছলৈ কিন্তু সময়ৰ লগে লগে পৰিৱৰ্তন হোৱা মানুহৰ জীৱন প্ৰণালী, চিন্তা-ধাৰা, সমাজ ব্যৱস্থা তথা আৰ্থ-সামাজিক স্থিতিক সুন্দৰ ভাবে উপস্থাপন কৰিছে।লেখকে কিতাপ খনৰ প্ৰধান বিষয় বস্তু হিচাপে অসীম,ৰাজ,সমীৰণ, অনন্ত, জীৱন,অনুপল নামৰ কেইজনমান কিশোৰৰ জীৱন আৰু চিন্তাক কেন্দ্ৰ কৰি লৈছে লগতে সেই সময়ৰ সামগ্ৰিক পৰিস্থিতিৰ বৰ্ণনা কৰিবলৈ যাওঁতে লেখকে অসম আন্দোলন, স্বাধীন অসমৰ স্বপ্নৰে গঠন হোৱা সংযুক্ত মুক্তি বাহিনী অসম,চৰকাৰৰ দমন নীতি, অপাৰেচন বজৰং, অপাৰেচন ৰাইন আৰু সেই বিষয়ক লৈ কিশোৰ অসীম হতৰ স্থিতি দাঙি ধৰিছে।কিতাপ খনৰ মাজেদি ৭০ দশকৰ পৰা আৰম্ভ কৰি তাৰ পৰৱৰ্তী পৰ্যায়লৈকে অসমৰ সামগ্ৰিক প্ৰেক্ষাপটৰ এক স্পষ্ট দৃশ্য দাঙি ধৰিছে