প্ৰিয় মানুহ প্ৰিয় কথা
প্ৰত্যেকজন ব্যক্তিৰ জীৱনত তেওঁৰ জ্ঞাতে-অজ্ঞাতে জীৱন বাটত লগ পাই অহা কিছুলোকে সদায়ে প্ৰভাৱ বিস্তাৰ কৰে। তেনে কিছু প্ৰিয় মানুহৰ কথাৰেই অনুৰাধা শৰ্মা পূজাৰীৰ এক সুপাঠ্য গদ্য সংকলন 'প্ৰিয় মানুহ প্ৰিয় কথা'।
আগকথা হিচাপে লেখিকাই এনেদৰে লিখিছে,
"দুখৰো উৎস
আনন্দৰো উৎস
নানা সময়ত,
নানা কালৰ
ব্যক্তিয়ে মনত সাঁচ বহুৱাই গৈছে,
তাৰে কেইজনমানৰ কথা..."
![]() |
Priya Manuh Priya Katha |
কিতাপখনৰ মুঠ পঁয়ত্ৰিশটা গদ্যই সাঙুৰি লৈছে লেখিকাৰ বাল্যকালৰ পৰা আৰম্ভ কৰি জীৱনৰ বিভিন্ন সময়ৰ অভিজ্ঞতা আৰু প্ৰত্যেকটো অভিজ্ঞতাৰ লগত জড়িত কিছুমান বিশেষ মানুহ। তাৰ ভিতৰত লেখিকাই স্কুলত থকা দিনতে লগ পোৱা 'গজু পইণ্টাল' নামৰ চৰিত্ৰটোৱে মোক বৰকৈ আকৰ্ষিত কৰে। লেখিকাৰ সমাজ আৰু গজু পইণ্টাল বা গজু ড্ৰাইভাৰৰ সমাজৰ মাজৰ আকাশ-পাতাল পাৰ্থক্য থকা স্বত্বেও দুয়োৰে মাজৰ যি আত্মিক বান্ধোন, সেয়া আজিৰ দিনত দুৰ্লভ।
'এজন ব্যক্তিৰ বিশাল অভাৱ' লেখাটো অসমৰ এজন সুসন্তান যদিও অসমীয়াই ভালকৈ চিনি নোপোৱা এজন অতিশয় ভদ্ৰ, অমায়িক, পণ্ডিত ড° দীপাংকৰ বেনাৰ্জীৰ অকাল বিয়োগত ৰচনা কৰা। অসমৰ পুৰণি প্ৰসিদ্ধ পৰিয়ালসমূহৰ ঘৰ সংৰক্ষণৰ বিষয়টো আন্তৰিকতাৰে অধ্যয়ন কৰা ব্যক্তিসকলৰ ভিতৰত ড° দীপাংকৰ বেনাৰ্জী আছিল অন্যতম। এইধৰণৰ লেখাসমূহ পঢ়িলে অসমৰ হকে চিন্তা কৰা এনে ব্যক্তিসকলক সন্মান জনোৱাত আমি কাৰ্পণ্য কৰা যেন বোধ হয়।
আজিৰ পৰা সত্তৰ-আশী বছৰৰ আগৰ দুৰ্গম কাজিৰঙাৰ সৎ আৰু সাহসী বনবিষয়া মহীচন্দ্ৰ মিৰি, প্ৰসিদ্ধ নাট্যকাৰ আলি হাইদৰ, অসমৰ কলা-সংস্কৃতিৰ জগতখনত 'গোঁসাই' হিচাপে জনাজাত তথা প্ৰবীণ সাংবাদিক পৱিত্ৰ কুমাৰ ডেকা, অভিজাত অসমীয়া চাহ খেতিয়ক, আমেৰিকাত পঢ়ি অহা হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ নিৰহংকাৰী ব্যক্তিত্ব, অখ্যাত চুবুৰীৰ এজন অখ্যাত মানুহ 'কণপাই কাইটি'ৰ সহজ-সৰল ব্যক্তিত্ব, আজীৱন নিঃস্বাৰ্থ ভালপোৱাৰ দস্তাবেজ লিখি যোৱা নীলপৱন-দীপালী আৰু অন্যান্য বহুতো ব্যক্তিৰ মনোগ্ৰাহী কথাৰ মেটমৰা ভঁৰাল 'প্ৰিয় মানুহ প্ৰিয় কথা'।
অনুৰাধা শৰ্মা পূজাৰীৰ সৰস আৰু স্বতঃস্ফূৰ্ত প্ৰকাশভঙ্গীয়ে প্ৰতিটো লেখাকেই এক অনন্য মাত্ৰা প্ৰদান কৰিছে।