সেন্দুৰ
সাহিত্যিক ড° ভবেন্দ্ৰ নাথ শইকীয়াদেৱৰ আন এখন বহুল-চৰ্চিত আৰু সমাদৃত গল্প সংকলন হ'ল 'সেন্দুৰ'। কিতাপখনত সন্নিৱিষ্ট মুঠ এঘাৰটা গল্প হ'ল- 'সেন্দুৰ', 'উপগ্ৰহ', 'ঢোৰা সাপ', 'প্ৰয়োজন', 'সনাতন', 'সন্ধ্যাতৰা', 'দেওবাৰ', 'নীলাম', 'ৰত্নদাহ', 'এন্দুৰ' আৰু 'বান্ধৱ'। ৰচনাকাল ১৯৫৩ ৰ পৰা ১৯৬৯ ৰ ভিতৰত।
Sendur |
সেইসময়ৰ মধ্যবিত্তীয় আৰু নিম্ন মধ্যবিত্তীয় জীৱনৰ চাপ তেখেতৰ গল্পসমূহত সুস্পষ্ট। এজনৰ আন এজনৰ ওপৰত সন্দেহ, পতিৰ প্ৰতি পত্নীৰ চিৰকালৰ সন্দেহ আৰু সংশয়ৰ ছবি এখন ফুটাই তোলাত লেখক অনন্য আৰু ইয়াৰ বাবে তেখেতে অবাবত কোনো শব্দই খৰচ কৰা নাই। শব্দৰ মিতব্যয়িতাৰে জটিল পৰিস্থিতি এটাকো অতি সাধাৰণভাৱে আৰু পাঠকক আপ্লুত কৰিব পৰাকৈ তেখেতে গল্পসমূহ লিখি পেলাইছিল।
পাঠকক গল্পৰ মাজলৈ টানি আনিবলৈ তেখেতৰ গল্পৰ আৰম্ভণিয়েই যথেষ্ট। উদাহৰণস্বৰূপে, 'সেন্দুৰ' গল্পটোত আৰম্ভণিতে ব্যৱহাৰ কৰা বাক্য আৰু তুলনাই নিঃসন্দেহে পাঠকক আকৰ্ষণ কৰিব: "লগৰীয়াৰ লগত হাঁহি-মাতি, মুকলি মনেৰে প্ৰছেছন কৰি গৈ থকা কলেজীয়া ছোৱালী হঠাতে বাটৰ কাষত থিয় হৈ প্ৰছেছন চাই থকা দেউতাকৰ চকুৱে-চকুৱে পৰিলে যেনেকৈ অলপ কোঁচ খাই যায়, সোনকালে দেউতাকক পাৰ হৈ যাবলৈ চেষ্টা কৰে, মাছ-বজাৰৰ মাজত জাহাজ কোম্পানীৰ একিণ্টেণ্ট প্ৰভাকৰ ৰায়চৌধুৰী ঠিক তেনেকৈ কোঁচ খাই গ'ল, আৰু ডিঙি মেলি-মেলি মাছ চাই ফুৰা অইন মানুহৰ আঁৰেদি তলমূৰকৈ ললিতাক পাৰ হৈ যাবলৈ লৰালৰি কৰিলে।