নৈৰ দৰে
সংবেদনশীল, আবেগপ্ৰাণ,বাস্তৱধৰ্মী লেখাৰে বিশেষকৈ যুৱচামৰ মাজত এক সুকীয়া স্থান দখল কৰা জনপ্ৰিয় গল্পকাৰ দেৱাংগ পল্লৱ শইকীয়াৰ প্ৰথমখন গল্প সংকলন "নৈৰ দৰে"। কিতাপখন প্ৰথম প্ৰকাশ হৈ ওলাইছিল ২০১৮ চনত আৰু দ্বিতীয় সংস্কাৰণটিৰ মূল্য ১২০ টকা।
![]() |
Noir Dore |
কিতাপখনত সন্নিৱিষ্ট আটাইকেইটা গল্পৰ পটভূমিৰ মাজেৰে লেখকে বাস্তৱজীৱনৰ লগত সংঘটিত সৰু সৰু ঘটনা সমূহ, আমাৰ চাৰিওকাষৰ পৃথিৱীখনত দেখি থকা চৰিত্ৰসমূহকে সুক্ষ্ম দৃষ্টিৰে অনুধাৱন কৰি তাক সুন্দৰ মনোগ্ৰাহী বিশ্লেষণেৰে উপস্থাপন কৰিছে।গল্পৰ চৰিত্ৰ সমূহ, কাহিনীসমূহৰ মাজত পাঠকে নিজকে বিচাৰি পাব, কোনো লিখনিত দেখিব নিজৰ জীৱনৰ কিছু বিচ্ছুৰিত অধ্যায়।সেয়েহে হয়তো কিছু গল্পই যদি মুখত অকণমান হাঁহি দিছে, কিছুৱে দিছে আবেগৰ ভেটা ভাঙি অহা চকুপানী।বেছিভাগ গল্পই সামান্য কল্পনাৰ ৰহণ সনা বাস্তৱভিত্তিক অভিজ্ঞতাৰ উপস্থাপন।
কিতাপখনত থকা লেখা সমূহ ক্ৰমে 'ছোৱালী', 'ৰং', 'নৈৰ দৰে', 'পৃথিৱী', 'কইনা', 'সাগৰৰ মাজত', 'মুখ', 'বন্দুক', 'দাগ', 'ধুনীয়া মানুহজনী', 'জড়-জীৱ', 'নিৰুদ্দেশ', 'সন্ধিয়া পৰত'।
বহুবোৰ ভাল লগাৰ মাজত কিতাপ খনৰ অন্যতম প্রিয় দুশাৰী কথা আগবঢ়োৱা হল-
"নৈক সুধিছিলো- আচলতে ভালপোৱা মানে কি?নৈয়ে কৈছিল- হাজাৰ ধুমুহাৰ পাছতো যে জীৱনটো বুকুত কোলাৰ কেঁচুৱাৰ দৰে সাৱটি আছা, যেনেদৰে হাজাৰ ঠেকা খাইও যে মই শিলৰ কাষেৰেই অহৰহ বৈ আছে- ভালপোৱা সেয়াই'।