তেজপিয়া
"সপোন বৰ মধুৰ, স্বপ্ন সাৰ্থক হ'লে প্রাপ্তিৰ মাদকতাৰ তুলনা নাই। কিন্তু বিফলতাই কঢ়িয়াই আনে অৱসাদ, দু্ৰ্ভাৱনা, বেদনা আৰু হতাশা। " শিক্ষা আৰু দুনীর্তিৰ ওপৰত আধাৰিত "তেজপিয়া"-শ্ৰদ্ধাৰ শিক্ষাগুৰু বিশ্বজ্যোতি শৰ্মাদেৱৰ এখন বাস্তবধর্মী উপন্যাস।
Tezpia |
দুনীর্তিয়ে নিস্তেজ কৰা ৰাজ্যত মানুহৰ নৈতিকতাৰ মানদণ্ড নিম্ন হোৱাতো অস্বাভাবিক নহয়। এনে ৰাজনৈতিক-মানসিক অধঃপতনৰ বলি হৈছিল ৰবীন, গৌতম, শান্তনু আৰু মাধবৰ দৰে উচ্চশিক্ষিত নৱপ্ৰজন্ম।
পদার্থবিজ্ঞানত স্নাতকোত্তৰ ৰবীনৰ প্ৰশাসনিক বিষয়া হোৱাৰ লক্ষ্য, এ. চি. এছ.ই.ৰ প্রথম আৰু দ্বিতীয় পযার্য়ৰ পৰীক্ষাত সফলতা, ষ্ট্ৰং পলিটিকেল লিংকৰ প্ৰভাৱৰ কথা লেখকে অতি বাস্তবধর্মীতাৰে দাঙি ধৰিছে। এনে পৰিস্থিতিৰ সমসাময়িকভাৱে বাতৰি কাকতৰ সংবাদবোৰ যেনে, "প্ৰশাসনিক সেৱাৰ পৰীক্ষাত গুৰুতৰ বিসংগতি", "সংৰক্ষণ পদ্ধতি মানি নচলাৰ বাবে বঞ্চিত ছাত্র- ছাত্রীৰ আদালতৰ দ্বাৰস্হ" ইত্যাদি, প্ৰতাপশালী বিয়য়াৰ টকাৰ বিনিময়ত ৰবীনক চাকৰিৰ আশ্বাস লগতে ভাইভাৰ নিম্ন মানদণ্ডই ৰবীনহঁতক বাৰুকৈয়ে প্ৰভাৱ পেলাইছিল। এইয়া সমাজৰ বিজ্ঞ আৰু উচ্চ সদস্যৰ অবহেলা নে ৰাজনৈতিক স্বাৰ্থ??বহুতো মেধাবী শিক্ষার্থীৰ ভবিষ্যতক লৈ কৰা এনে কাৰ্য্যকলাপৰ বিচাৰ কি?? কোনে কৰিব বিচাৰ?? লক্ষ্যৰ নামত উজাৰি দিয়া ৰবীন, মাধবহঁতৰ পৰিশ্ৰমবোৰ, চাকৰি বিষয়ক লৈ কৰা আলোচনাৰ গঠনমূলক যুক্তিবোৰ আৰু পৰিয়ালৰ আশাবোৰে এদিন সফলতা লাভ কৰিবনে...
এনে এটা অনৈতিক আৰু অনিশ্চিত প্ৰেক্ষাপটত হয়তো আন বহুতো মেধাৱী যুৱক-যুৱতীয়ে বাৰুকৈয়ে উপলব্ধি কৰিছে টকা-পইচা আৰু ক্ষমতাৰ মেৰপাশত লুপ্ত হোৱা সিহঁতৰত পৰিশ্ৰম, আশা আৰু সপোনবোৰৰ স্হান ক'ত!!! এই চিস্টেমৰ শেষ ক'ত??