হিলাইনি লামা || Hilaini Lama || Dr. Sangeeta Rani Kalita || Book Review

হিলাইনি লামা


One child, one teacher, one book, one pen can change the world"...
Malala Yousafzai

এজন শিক্ষিত শিশুৱে এখন দেশ সলাব পাৰে কিন্তু যেতিয়া সেই শিশুটিক তাৰ বাল্যকালৰ সপোনবোৰৰ পৰা আঁতৰাই যুদ্ধ ক্ষেত্ৰত যেতিয়া ব্যৱহাৰ কৰে তেওঁ হৈ পৰে সমাজৰ বাবে বিষ। সকলো যুদ্ধ আৰু বিপ্লৱকালীন পৰিস্থিতিত প্ৰথম বলিদান হয় শিশু আৰু কেতিয়াবা পৰিকল্পিতভাৱে। উত্তৰ-পূৰ্বান্বলত দীৰ্ঘদিন ধৰি বিভিন্ন বিদ্ৰোহী সংগঠনে যি সশস্ত্ৰ-সংগ্ৰাম চলাই আহিছে তাতো নাৰী-শিশুৰ অধিকাৰ বিভিন্ন সময়ত হানি হৈছে,সংকট-পন্ন হৈছে। ভয়ংকৰভাৱে এতিয়া শিশুক সংগ্ৰামৰ অংশ কৰাৰ প্ৰচেষ্টা চলিছে অতি পৰিকল্পিতভাৱে। শিশুক সশস্ত্ৰ যোদ্ধা হিচাপে ব্যৱহাৰ কৰাৰ নানা প্ৰচেষ্টাই এতিয়া শিশুসকলৰ জীৱনত নমাই আনিছে গভীৰ অনিশ্চয়তা।
hilaini-lama hilaini-lama-books
Hilaini Lama


এজন শিশু সৈনিক কোন বুলি ক'লে, বিশ্লেষণটো হ'ব এনেধৰণৰ-
"A child soldier is a minor person who is being recruited or engaged into any armed rebellion groups especially to fight against the governmental troops. They are not only being used for military purposes, but also as a cook, porter, messenger carrier, informer, gate keeper and ex- slave".....
Dimasa ভাষাৰ "হিলাইনি লামা" শব্দ দুটাৰ অৰ্থ হৈছে "বন্দুকৰ পথ", এই কিতাপখনত এনে কিছুসংখ্যক শিশুৰ কাহিনী বৰ্ণিত হৈছে, যিসকলৰ জীৱন সন্দৰ্ভত পৰিছে সশস্ত্ৰ সংগ্ৰামৰ ক'লা ছায়া।বিভিন্ন প্ৰলোভন, ফুছুলনি অথবা ভীতি প্ৰদৰ্শনৰে নিজৰ দলত অন্তভুক্ত কৰা এনে তেৰটা শিশুৰ মৰ্মস্পশী কাহিনীৰে ভৰা "হিলাইনী লামা"।
শিপাহীন হোৱা শিলাৰ পৰা বিচ্ছিন্ন হৈ থকা আমাৰ নিজৰ উত্তৰসূৰীক এনে বিপদসংকুল জীৱনৰ পৰা ৰক্ষা কৰাৰ এক পদক্ষেপ "হিলাইনী লামা"।