অৰুন্ধতী
"বিয়াৰ নিশাই মোক ফৰকাল আকাশৰ এটি উজ্জ্বল তৰালৈ আঙুলিয়াই দেখুওৱা হৈছিল। সপ্তৰ্ষি মণ্ডলৰ কাষতে থকা এটি উজ্জ্বল তৰা - মহাসতী অৰুন্ধতী। কৰ্দম ঋষিৰ কন্যা আৰু বশিষ্ঠ ঋষিৰ পতিব্ৰতা স্ত্ৰী অৰুন্ধতী। যি সতীত্বৰ বলেৰেই স্বামীৰ কাষত সদায় ৰৈ থাকে... ।
...কইনাৰ ওৰণি দাঙি যেতিয়া সেই তৰাটোলৈ চাই নাৰীৰ সতীত্বৰ মহান গাথা শুনিছিলোঁ; প্ৰাণভৰি উশাহ লৈছিলোঁ! ময়ো হ'ম অৰুন্ধতী! ময়ো হ'ম অৰুন্ধতী!"
Arundhati |
কিমান সহজ অথবা কিমান কঠিন অৰুন্ধতী হোৱা? অৰুন্ধতীৰ স্বামী যদি হয় এজন উগ্ৰ মেজাজী পুলিচ বিষয়া, মদৰ ঢোক ডিঙিত পৰাৰ পাছতেই মুখত যাৰ ফুটি উঠে অশ্লীল গালি-গালাজ, খুলি লয় কঁকালৰ চাবুক আৰু বহুৱাই দিয়ে অৰুন্ধতীৰ শৰীৰত। কিমান সহজ, কিমান সহজ?
অনন্যা বাৰে বাৰে বিফল হয়। স্বামীক সন্তুষ্ট কৰাৰ হাজাৰ প্ৰচেষ্টা, পত্নীৰ সলনি ক্ৰীতদাসী হৈ স্বামীৰ সেৱাত ব্ৰতী হোৱাৰ প্ৰচেষ্টা, কঠোৰ স্বামীৰ চাবুকৰ কোব সহিবলৈ হাতত তুলি লোৱা মদৰ গিলাচ - তথাপি যেন কোনোবাখিনিত খুঁত ৰৈ যায়। অন্তৰ্মুখী অনন্যাই কাকোৱেই সম্পূৰ্ণকৈ উদঙাই দেখুৱাব নোৱাৰে বুকুৰ ভিতৰত সাজি লোৱা অনুভৱৰ ঘৰখন। অনন্যাৰ ব্যথা আৰু হুমুনিয়াহৰ প্ৰতক্ষ্যদৰ্শী হৈ ৰয় এলজোলাম, এলজোলামৰ নিচাই অনন্যাক বিচ্ছিন্ন কৰি ৰাখে সমগ্ৰ সংসাৰৰ পৰা।
অসুখী স্বামীৰ মুখলৈ চাই অনন্যা গুচি আহে স্বামীৰ কাষৰ পৰা একেবাৰে। সংস্কাৰৰ বান্ধোনত বান্ধ খাই ৰোৱা কোমল বয়সৰ অনন্যাই তেতিয়াও শিৰত সজাই লয় দগমগীয়া সেন্দুৰ। অৰুন্ধতী, মহাসতী অৰুন্ধতী হোৱাৰ বাসনাত অনন্যা বাৰে বাৰে আঁতৰি আহে প্ৰিয় মানুহৰ কাষৰ পৰা। দিল্লীৰ পৰা আহি বিমুখ হৈ উভতি যায় বিজয় কুমাৰ। সমগ্ৰ সত্ত্বাৰে কুমাৰ চাহাবক ভাল পায়ো কুমাৰ চাহাবৰ প্ৰেয়সীৰ পৰা পত্নী হোৱাৰ বাট বুলিব নোৱাৰে অনন্যাই।
অনন্যাই সপোন দেখে, আকাশৰ ধ্ৰুৱ তৰাই তৰাৰ আৱেশ আঁতৰাই শিশুৰূপত থিতাপি লৈছে অনন্যাৰ গৰ্ভত। সপোন ভাঙে, গোটেই জীৱনটোৰ বাবে কাণত বাজি ৰয় 'বাঁজী..বাঁজী..কাঠবাঁজী'। হাঁহিমুখে অনন্যাই ধ্ৰুৱৰ সপোন গুজি দিয়ে বিজয় কুমাৰৰ মাতৃৰ হাতত।
অৰুন্ধতীৰ দৰে অনন্যাও সুদীৰ্ঘ দিন ৰয় সেই ঈশ্বৰপুত্ৰৰ সন্ধানত। ঈশ্বৰপুত্ৰৰ সান্নিধ্যৰ সন্ধানত, যি সান্নিধ্যই এলজোলামৰ নিচাত নিচাসক্ত অনন্যাক সিক্ত কৰি তুলিব গভীৰ প্ৰেমানুভূতিৰে। সেই ঈশ্বৰপুত্ৰকেই এদিন আচম্বিতে লগ পাই গৈছিল অনন্যাই। যেন পানীৰ সন্ধানত থকা তৃষ্ণাতুৰ পথিকে সম্ভেদ পাইছিল নদীৰ। এলজোলামৰ সংগ এৰি অনন্যা মজি ৰৈছিল কেৱল ঈশ্বৰপুত্ৰতেই। তাৰ মাজতো কোনোবাখিনিত অকমাণ বিজুতি ঘটিছিল। ঈশ্বৰপুত্ৰৰ নামত সেন্দুৰ পিন্ধিও চকুলো সৰিছিল কুমাৰ চাহাবৰ মৃত্যুত।
পত্নী আঁৰতো কোনোবাখিনিত লুকাই আছিল আকাশ নীলা ৰঙেৰে নিজক সজাব পৰা প্ৰেয়সী। যেনেদৰে মহাসতী হৈয়ো কোনোবাখিনিত বিচলিত হৈছিল অৰুন্ধতী!
তথাপি অনন্যা, ওহোঁ, অৰুন্ধতী.. তথাপি অৰুন্ধতী ক্ষমাৰ যোগ্য।
কলমৰ আগেৰে নাৰীৰ অন্তৰখনৰ আঁহ-পাঁহকৈ মুকলি কৰি শব্দৰ আকৃতি দিব পৰাতেই লেখিকাৰ কৃতিত্ব। নাৰীৰ মনোজগতত জোৱাৰ উঠা অলেখ চিন্তাৰ ঢৌক পৰিমাৰ্জিত ৰূপত পাঠকৰ আগলৈ আগবঢ়াই দিয়াত লেখিকা সফল। 'অসমীয়া প্ৰতিদিন' কাকতৰ দেওবৰীয়া পৰিপূৰিকা 'সম্ভাৰ'ত ধাৰাবাহিকভাৱে প্ৰকাশ পোৱা উপন্যাস 'অৰুন্ধতী'য়ে ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হয়।
মণিকুন্তলা ভট্টাচাৰ্যৰ আন কেইবাখনো গল্প সংকলনে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। তাৰ ভিতৰত 'প্ৰস্তৰ কন্যা'ই ২০০৪ চনৰ মুনীন বৰকটকী বঁটা লাভ কৰে।