ৰাজীৱ ঈশ্বৰ || Rajiv Iswar || Rita Chowdhury || Book Review


"মুমূর্ষু অৱস্থাত চহৰৰ মাজে মজিয়াত উদ্ধাৰ কৰা হল এটি পৰিত্যক্ত এটি নৱজাতক "। সততে বাতৰি কাকতৰ শিৰোনামা দখল কৰা গাৰ নোম শিয়ৰি উঠা এক খবৰ। সেই মাতৃ গৰাকীৰ কিমান মনোকষ্ট হয়? শুধিছেনে কোনোৱে কি পৰিস্থিতিত লবলৈ বাধ্য হৈ হিয়া ভগা এনে সিদ্ধান্ত? ক'ত যায় তেনে শিশু? অন্ধকাৰ ভৱিষ্যত লৈ ক'ত প্ৰতিপালিত তেওঁলোক? এনেবোৰ প্ৰশ্নৰ পৰাই উৎপত্তি হৈছে ৰীতা চৌধুৰীৰ ' ৰাজীৱ ঈশ্বৰ'। কিতাপ খন প্ৰথম প্ৰকাশ হৈ ওলাইছিল ২০০৭ চনত আৰু ২০১৭ চনৰ চতুৰ্থ সংস্কৰণটোৰ মূল্য ১২০ টকা।


rajiv-iswar-books rita-choudhary-books
Rajiv Iswar


কিতাপ খনৰ কাহিনী আৰম্ভ হৈছে মন্দিৰা নামৰ উচ্চপদস্থ আৰক্ষীবিষয়া এজনৰ পত্নীৰ আড়ম্বৰপূৰ্ণ জীৱনৰ কাহিনীৰে, যি সুখ স্বাচ্ছন্দ্যই তৰপে তৰপে ঢাকি ৰাখিছিল জীৱনৰ এক নিৰ্মোহ কঠিন বাস্তৱ। আপাত দৃষ্টিত আধুনিক, সফল, সুন্দৰ, আঢ্যৱন্ত , স্বামী পুত্ৰৰে পৰিপূৰ্ণ মানুহগৰাকীয়ে ৰাস্তাৰ কাষত মুমূর্ষু কোলাত লোৱা নৱজাতক শিশুটিয়ে তেওঁক অন্য এক নাৰীলৈ যেন পৰিৱৰ্তিত কৰিলে। শিশু টিয়ে খুলি দিলে অতীতৰ সেই দুৱাৰ যি দুৱাৰ সমাজ, সংস্কাৰ, মুখা পিন্ধা ভদ্ৰ সমাজে আটি আটি বান্ধিছিল। সেই সামান্য ৰাস্তাৰ কাষৰ শিশুটিয়ে সলাই পেলাইছিল মন্দিৰাক, সলাই পেলাইছিল তেওঁৰ দৃষ্টিত সফল জীৱনৰ অৰ্থ, সাহস দিছিল অপৰিসীম সমাজৰ বিপক্ষে থিয় দিয়াৰ, আকৌ এবাৰ সুযোগ দিছিল ভুল শুধৰণি কৰাৰ, নিজকে জুখি চোৱাৰ।

কিতাপ খনৰ মাজেৰে লেখকে এগৰাকী অবৈধ মাতৃ আৰু সন্তানৰ জীৱন, মৰ্মবেদনা অনুধাৱন কৰি তাক পাঠক সমাজৰ আগত দাঙি ধৰাত সক্ষম হৈছে। এই কাহিনীৰে আলম লৈ ২০১৯ চনত মঞ্জুল বৰুৱাৰ নিৰ্দেশনাত নিৰ্মিত হৈছিল সফল অসমীয়া চলচিত্ৰ " কানীন"