শুকুলা হাতীৰ খোজ || Sukula Hatir Khoj || Prabhat Goswami || Book Review

শুকুলা হাতীৰ খোজ



আজিৰ পৰা এটা মান দশকৰ আগলৈকে পোহনীয়া হাতী আছিল অভিজাত্যৰ প্ৰতীক। বনৰীয়া হাতী ধৰি আনি ঘৰচীয়া হোৱাৰ প্ৰশিক্ষণ দিয়া হৈছিল। অটব্য অৰণ্যৰ মাজৰ পৰা হাতী ধৰি আনি প্ৰশিক্ষণ দি পোহনীয়া কৰালৈকে প্ৰয়োজন হৈছিল মৰ সাহস, পৰিকল্পনা আৰু কৌশলৰ। আৰু লগতে এই অভিজ্ঞতাৰে পুষ্ট চিকাৰী, মাউত, ফান্দি আদি। হাতী চিকাৰ আৰু পোহনীয়া হাতী আমাৰ প্ৰজন্মৰ বাবে এতিয়া সাধুকথাৰ দৰে হল। লগতে হাতী চিকাৰ কাৰ্য্য বেআইনীও হৈ পৰিল। কিন্তু কেইবছৰমানৰ আগলৈকে এই পৰম্পৰা আমাৰ সমাজত শিপাই আছিল। সমাজ জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংশ আছিল পোহনীয়া হাতী। এই পৰম্পৰাৰ লগত সংপৃক্ত হৈ আছিল বহু লোকৰ জীৱন। ৰোমাঞ্চ, দুঃসাহস আৰু যন্ত্ৰণাৰে পৰিপূৰ্ণ আছিল তেওঁলোকৰ জীৱন। নিজৰ প্ৰাণকো তুচ্ছ জ্ঞান কৰি গভীৰ অৰণ্যৰ মাজত বনৰীয়া হাতী ধৰিছিল। অনিশ্চয়তাৰে ভৰপূৰ আছিল জীৱনৰ প্ৰতিটো মূহুৰ্ত। সুদক্ষ হাতী চিকাৰী, মাউত অথবা ফান্দী হ'বৰ বাবে প্ৰয়োজন আছিল অক্লান্ত কষ্ট আৰু সাধনা। সংগ্ৰাম কৰিছিল জীৱনৰ সৈতে , যিসকলে বৰ্তমান জীয়াই থকাৰ যুঁজত ভাগৰি পৰিছে।

sukula-hatir-khoj prabhat-goswami-books
Sukula Hatir Khoj


লেখকৰ উদেশ্য এটাই, সেইসকল মাউত 
ফান্দি য়ে যাতে জীয়াই থকাৰ অকণমান সহানুভূতি আৰু সাহস বিচাৰি পায়। 

"মহেন্দ্ৰ নামৰ ল'ৰাটো এদিন স্কুলৰ পৰা পলাইছিল মৌজাদাৰৰ হাতীটো দেখি। সেই যি হাতীৰ পিছত দৌৰিবলৈ আৰম্ভ কৰিলে, তাৰ সেই দৌৰ আৰু শেষ নহ'ল। মৌজাদাৰৰ ঘৰৰ লগুৱাৰ পৰা এদিন সি ফান্দি হল। এদিন, হাতীৰ প্ৰতি থকা প্ৰচণ্ড মৰম আৰু আকৰ্ষণৰ বাবেই হাতী সংৰক্ষণৰ দায়িত্ব ল'বলৈও আগবাঢ়ি গ'ল।
 জীৱন যুঁজত সি বহুতকে লগ পালে , ৰজনী মৌজাদাৰৰ পৰা আৰম্ভ কৰি ললিতা, পূৰ্ণিমা লৈকে। মধুৰ দৰে মানুহৰ উত্থান- পতন দেখিলে। হাতী আৰু মানুহৰ  সহাৱস্থানৰ পৰা সংঘাতলৈকে দেখিলে।" 

এই মহেন্দ্ৰৰ জীৱনৰ আঁত ধৰিয়েই উপন্যাস খন ৰচিত, লেখকে বৰ্ণনা কৰিছে হাতী ধৰাৰ পৰম্পৰাৰ কিছুমান ৰোমাঞ্চকৰ, কিছুমান যন্ত্ৰণাদায়ক কথা আৰু কিছুমান পৰম্পৰা। উপন্যাসৰ পটভূমি বাস্তৱ, চৰিত্ৰ বোৰ হে কাল্পনিক। 

হাতী মানুহৰ সহাৱস্থানৰ পৰা সংঘাতলৈকে এই যাত্ৰাৰ সাক্ষী উপন্যাসৰ কাহিনীভাগ। সমান্তৰাল ভাবে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ দুখ- বেদনা আৰু সম্প্ৰতি সৃষ্টি হোৱা ভয়ানক সংকটৰ 
কাৰণসমূহ ৰ বিশ্লেষণেৰে সমৃদ্ধ, উপন্যাসিক প্ৰভাত গোস্বামীৰ 'শুকুলা হাতীৰ খোজ' এক উল্লেখযোগ্য সৃষ্টি। 

 "এটা যন্ত্ৰণাৰ পৰাই জন্ম হৈছে 'শুকুলা হাতীৰ খোজ'। এই যন্ত্ৰণা কিন্তু জন্মৰ যন্ত্ৰণা নহয়। গৰ্ভ ধাৰণৰ আগৰ যন্ত্ৰণা। কুমাৰী পৃথিৱীৰ কৌমাৰ্য হৰণ দেখাৰ যন্ত্ৰণা। বহুতৰ দৰে মইও বহুতদিনৰপৰাই এই যন্ত্ৰণা দেখি আহিছোঁ। বুকুৰ মাজতে কঢ়িয়াই লৈ ফুৰিছোঁ এই অবুজ যতনা।"
  
উপন্যাসখনৰ ক'ৰবাত যদি ফুটি উঠিছে পৃথিৱীৰ সেউজীয়াখিনি, বিপন্নপ্ৰায় জীৱকুল‌ আৰু অসমীয়া জাতিৰ অস্তিত্বৰ শংকা, ক'ৰবাত আকৌ ক্ষোভ উজাৰ খাই উঠিছে। হাতী আৰু অসমীয়া জাতি - দুয়ো যে বৰ্ত্তমান সংকটৰ গৰাহত, তাক সুন্দৰ বৰ্ণনাৰে চিত্ৰিত কৰা হৈছে, 
"শুকুলা হাতীৰ খোজ"ত।