বীৰবলৰ সাধু || Birbolor Saaadhu || Surendra Kumar Das || Book Review

 বীৰবলৰ সাধু 


"ভাৰতৰ বুন্দেলখণ্ডত এজন ব্ৰাহ্মণ পণ্ডিতৰ ঘৰত মহেশৰ জন্ম হৈছিল। তেওঁ সৰুতে পিতৃহাৰা হৈ খুৰাকৰ তত্বাৱধানত বৰ কষ্টেৰে বাল্যকাল অতিবাহিত কৰিছিল বুলি জনা যায়। ভাৰত সম্ৰাট আকবৰৰ সান্নিধ্য লাভ কৰি তেওঁ বীৰবল উপাধি পাইছিল।"

(নিবেদন, সুৰেন্দ্ৰ কুমাৰ দাস)

Birbolor_Saaadhu
বীৰবলৰ সাধু


আকবৰ-বীৰবলৰ বিখ্যাত যুগলবন্দীৰ কথা নুশুনা-নপঢ়া মানুহ গোটেই ভাৰতবৰ্ষতে নোলাব। খুহুতীয়া আৰু হাস্যৰসৰ ভৰপূৰ আকবৰ-বীৰবলৰ প্ৰতিটো সাধুতেই আছে নীতিশিক্ষামূলক কথা। নিজৰ দক্ষতাৰ বলত আকবৰৰ ৰাজসভাৰ প্ৰধানমন্ত্ৰী হ'বলৈ সক্ষম হোৱা বীৰবলে ৰসাল আৰু বুদ্ধিদীপ্ত কথাৰে আকবৰক মুগ্ধ কৰাৰ লগতে ৰাজ্য পৰিচালনাৰ ক্ষেত্ৰত সৎ পৰামৰ্শৰে আকবৰক বহু কঠিন পৰিস্থিতিৰ মোকাবিলা কৰাত সহায় কৰিছিল।

সুৰেন্দ্ৰ কুমাৰ দাসৰ "বীৰবলৰ সাধু" কিতাপখনত মুঠ ৩৬ সাধু সন্নিৱিষ্ট হৈছে। কম সময়তে পঢ়ি ৰস ল'ব পৰা কিতাপখন চেমনীয়াৰ প্ৰিয় কিতাপসমূহৰ ভিতৰত অন্যতম।