এজন বিষণ্ণ ডেকা ল'ৰা || Ajon Bikhonna Deka Lora || Nabin Baruah || Book Review

এজন বিষণ্ণ ডেকা ল'ৰা


" মোৰ দ্বাৰা সম্পাদিত সাপ্তাহিক 'নীলাচল'ত তেওঁৰ এটা প্ৰবন্ধ প্ৰকাশ পাওঁতে মই তেওঁক ' এজন বিষণ্ণ ডেকা ল'ৰা' বুলি চিনাকি কৰি দিছিলো।কোৱা বাহুল্য মাথোন যে তেওঁৰ এই বিষণ্ণতাৰ কাৰণ কোনো ব্যক্তিগত দুখ বা হতাশা নহয়; আধুনিক মানুহৰ সামগ্ৰিক জীৱন-যন্ত্ৰণাৰ পৰাই সি উৎসাৰিত।"

              -- হোমেন বৰগোঁহাই

' এজন বিষণ্ণ ডেকা ল'ৰা হিচাপে অসমৰ পাঠক সমাজক চিনাকি কৰাই দিয়া প্ৰসাৰবিমুখ ঔপন্যাসিক নবীন বৰুৱাৰ জীৱন-দৰ্শন,সাহিত্য,কৃতি,সৃষ্টিৰ আধাৰতেই অৰ্থাৎ নবীন বৰুৱাৰ ওপৰত ৰচিত গ্ৰন্থ '"এজন বিষণ্ণ ডেকা ল'ৰা" ।

Ajon_Bikhonna_Deka_Lora Nabin_Baruah_Books
এজন বিষণ্ণ ডেকা ল'ৰা

অসমৰ লগতে ভাৰতীয় সাহিত্যত প্ৰথমখন 'কেম্পাছ নভেল' নবীন বৰুৱাৰ 'কটন কলেজ' অসমীয়া সাহিত্যৰ এক গৌৰৱোজ্জ্বল দিশ তথা এক নতুন ধাৰা। ২০১৯-২০ চনত এই কিতাপ খন প্ৰকাশ পোৱাৰ ৫০টা বছৰ অতিক্ৰম হ'ল,এই ৫০ বছৰে প্ৰতিটো প্ৰজন্মক সমান ভাবে আকৰ্ষিত , উদ্বুদ্ধ কৰি ৰাখিলে। ৫০টা বছৰ সম্পূৰ্ণ হোৱাৰ এই শুভ ক্ষণত নবীন বৰুৱাৰ, নবীন বৰুৱাক আগত আৰু আঁৰত ৰাখি জন্ম হোৱা ' নবীন অনুজ প্রিয় বন্ধু সমাজ' নামৰ অনুষ্ঠান টিৰ চিন্তা আৰু সাধনাৰ ফচল ৰূপেই ২০১৯ চনত প্ৰকাশ হৈ ওলাইছিল এই গ্ৰন্থ খন, যাৰ বজাৰ মূল্য ৪৫০ টকা।

কিতাপখনি কেইবাটাও খণ্ডত বিভক্ত যি তেখেতৰ সাহিত্যৰাজী, সৃষ্টিৰ লগতে  মানুহ হিচাপে , বন্ধু তথা অগ্রজৰ দৃষ্টিত নবীন বৰুৱা, প্ৰকাশক হিচাপে, আকাশবাণীৰ কৰ্মী হিচাপে নবীন বৰুৱাৰ সামগ্ৰিক গোটেই দিশ বোৰ সাঙুৰি লৈছে। নিশ্চিত ভাৱে 'কটন কলেজ'ক ইয়াত বিশেষ চেনেহ যচা হৈছে য'ত কটন কলেজ আৰু নবীন বৰুৱা, বাংলা লেখকের দৃষ্টিতে কটন কলেজ উপন্যাস, Nabin Baruah's Fictional Writings আদি খণ্ডত ভিন্ন জনে এই উপন্যাস খনৰ ওপৰত আলোকপাত কৰিছে।

১৯৭৫ চনত অসম আন্দোলনৰ সময়ত অসমৰ যুৱক যুৱতী সকলৰ চিন্তা,প্ৰতিভা বিকাশৰ বাবে আকাশবাণী গুৱাহাটীয়ে 'যুৱবাণী' বুলি এটা অনুষ্ঠান চলাইছিল যাৰ প্ৰযোজনাৰ দায়িত্ব দিয়া হৈছিল নবীন বৰুৱাক, প্ৰথম প্ৰযোজক হিচাপে তেওঁৰ দায়িত্ব অন্তত্য গুৰুত্ত্বপূৰ্ণ আছিল যিহেতু অসম সেইসময়ত এক সংকটময় অৱস্থাৰে পাৰ কৰিছিল। এই ক্ষেত্ৰত কিতাপ খনত উল্লেখ আছে এই ভাৱে

" ' যুৱবাণী আছিল এনে এটা অনুষ্ঠান,য'ত একেখন স্কুটাৰতে বহি ছাত্ৰ সন্থা, এন এছ ইউ আই বা এছ এফ আই কৰা ল'ৰা 'যুৱবাণীৰ' অনুষ্ঠান কৰি ওলাই যাব পাৰিছিল। সেই সকল যুৱক যুৱতীৰ ৰাজনৈতিক মতাদৰ্শ বেলেগ হলেও মানৱীয় দৃষ্টি ভংগী আৰু ভাতৃত্ববোধ অন্তৰৰ পৰা হেৰাই যোৱা নাছিল"।

এজন বিষণ্ণ ডেকা ল'ৰা কিতাপখনৰ প্ৰতিটো লেখাৰ মাজেৰেই প্রিয় ঔপন্যাসিক গৰাকীক নতুন ধৰণেৰে নিচেই কাষৰ পৰা খুব আপোন ভাবে যেন অনুভৱ কৰিব পাৰি। বুজি উঠিব পাৰে কিমান প্রিয় এই সাহিত্যিকগৰাকী।