তেজীমলাৰ মাকৰ সাধু || Tejimalar Makor Sadhu || Book Review

তেজীমলাৰ মাকৰ সাধু


"..পাটকাপোৰৰ লগতে মাহীআই খুন্দিলে

তেজীমলাহে মই.."

জৰাটেঙা হৈ গৰখীয়াৰ প্ৰতি, লাওগছ হৈ মগনীয়াৰ প্ৰতি, পদুম ফুল হৈ নাৱৰীয়াৰ প্ৰতি তেজীমলাৰ যি কৰুণ বিননি, সেয়া সাধুকথা শুনি ডাঙৰ হোৱা মনবোৰৰ কল্পনাত সদায় জীৱন্ত!

এইবাৰ পিছে তেজীমলাৰ নহয়, তেজীমলাৰ মাকৰ সাধু কোনে শুনোঁ আহক: তেজীমলাক জীৱনৰ চৰম শাস্তি দিয়া কাঠচিতীয়া অন্তৰৰ সেই মাহীআইৰ সাধু অলপ বেলেগ ধৰণেৰে, ঔপন্যাসিক মৃদুল শৰ্মাৰ বৰ্ণনাৰে।

tejimalar-makar-sadhu
তেজীমলাৰ মাকৰ সাধু 

উপন্যাসখনৰ মূল চৰিত্ৰ তেজীমলাৰ পিতৃ ভোগেশ্বৰ আৰু মাহীমাক সুমিত্ৰা, যদিও সুমিত্ৰা চৰিত্ৰটোৰ আগমন উপন্যাসখনৰ মাজভাগলৈ ৰখা হৈছে। তাৰ আগত বৰ্ণনা কৰা হৈছে এখন পুৰুষতান্ত্ৰিক সমাজৰ চিৰাচৰিত ঘটনাপ্ৰৱাহ। অদমনীয় দেহজ আকৰ্ষণ আৰু মনোকামনাৰ খাতিৰত বিবাহিত হৈও অন্য নাৰীৰ সংগসুখত মচগুল হৈ থকা সদাগৰ, ভোগেশ্বৰ। ঐশ্বৰ্য্য আৰু প্ৰতিপত্তিৰে গদগদ ভোগেশ্বৰৰ চাৰিত্ৰিক স্খলনৰ সম্ভেদ পায়ো মৌন হৈ ৰোৱা এখন ক্ষয়িষ্ণু সমাজৰ প্ৰতীক উপন্যাসখনৰ আন এক নাৰী চৰিত্ৰ বতাহীৰ দেউতাক। সামান্য টকা-পইচা আৰু কানিৰ লোভত নিজৰ ছোৱালীক চকুৰ আগত ভোগেশ্বৰৰ কামনাৰে পিষ্ট হৈ যোৱা দেখিও মৌন হয় ৰয় বতাহীৰ পিতৃৰ দৰে মানুহ। বাৰে বাৰে প্ৰৱঞ্চিত হৈও কামনা আৰু ভালপোৱাৰ জুইত চগা হৈ জ্বলে বতাহী, চৰিত্ৰহীন স্বামীৰ কাণ্ড-কাৰখানাই জীৱনৰ প্ৰতি বিতৃষ্ণ জন্মাই সাদৰীৰ দৰে ঘৰখনেই সৰ্বস্ব কৰি লোৱা নাৰীক। ইয়াৰ মাজতে স্বাৰ্থসিদ্ধিৰ বাবে যিকোনো কাম কৰিবলৈ সাজু থকা আৰু স্বাৰ্থসিদ্ধি নহ'লে ৰটনা ৰটা শাওনীৰ দৰে জুই লগা মুখৰ নাৰীও সংখ্যাত কম নহয়। 

আৰু সুমিত্ৰা, কেতিয়াও মাকৰ শাৰীলৈ উত্তীৰ্ণ হ'ব নোৱাৰা মাহীআই! সকলো যাতনা বুকুতে সহি-সামৰি কেৱল তেজীমলাৰ মাক হৈয়ে দিন নিওৱা সুমিত্ৰা। তেজীমলিক বুকুৰ উমেৰে কেঁচুৱাৰ পৰা গাভৰু কৰা অথচ সমাজৰ‌ চকুত কেৱল মাহীমাক হৈয়ে ৰৈ যোৱাৰ দুখে দহি নিয়া সুমিত্ৰা।

উপন্যাসখনত ব্যৱহাৰ হোৱা ভাষা, জতুৱা-ঠাঁচ আৰু ইংগিতপূৰ্ণ কথিত ভাষাৰ প্ৰয়োগে উপন্যাসখনক সবল ৰূপত প্ৰক্ষেপ কৰিছে।

উপন্যাসখন মূলতঃ এখন নাৰীকেন্দ্ৰিক আৰু নাৰীবাদী উপন্যাস। নাৰীৰ মনোজগতৰ মননশীল বিশ্লেষণ। লেখকৰ প্ৰশংসা কৰি উপন্যাসখনৰ বিষয়ে হৰেকৃষ্ণ ডেকাই এনেদৰে কৈছে, " 'তেজীমলাৰ মাকৰ সাধু' এখন ৰূপকধৰ্মী উপন্যাস। যি অতি পৰিচিত আৰু জনপ্ৰিয় সাধুকথাৰ জুমুঠিটো লৈ এই উপন্যাসখন সৃষ্টি কৰা হৈছে, সেই সাধুকথাতেই অৱশ্যে ৰূপকতাৰ উপাদান আছে। কিন্তু সাধুকথাৰ যাদুকৰী কল্প কাহিনীৰ মাজৰ পৰা উপন্যাসখনৰ বিষয়বস্তুক বাস্তৱ সমাজৰ পটভূমিলৈ নমাই আনোতে লেখকৰ সাহিত্য-কৌশলত প্ৰশংসনীয় দক্ষতা ফুটি উঠিছে।"