দৈনন্দিন
"Humor is a prelude to faith and laughter is the beginning of prayer"--Reinhold Niebuhr.
মানুহৰ জীৱনৰ অন্যতম মৌলিক উপাদান 'হাঁহি'।ব্যক্তিত্ব প্ৰকাশৰ মাধ্যম , সৌষ্ঠৱবৃদ্ধিকাৰী অলংকাৰ হোৱাৰ লগতে শাৰীৰিক দৃষ্টিকোণৰ ফালৰ পৰা হাঁহি স্বাস্থ্যৰ পক্ষে উপকাৰী তথা মহৌষধ।সেয়েহে হাঁহিৰ বিষয়ে সময়ে সময়ে কবি-গীতিকাৰ সকলে কৈ গৈছে বহুধৰণে, যেনে-
"জীৱনৰ অৰ্থই হ'ল হাঁহি"-- ডঃ ভূপেন হাজৰিকা
"অলপ হাঁহি অলপ অশ্ৰু
অলপ নুবুজা ডাৱৰ
এয়ে পৃথিৱীৰ সেউজী দুবৰি
যাউতি যুগীয়া সাঁথৰ"
দৈনন্দিন |
কিন্তু বর্তমান সংঘাত জর্জৰ সময়ত ব্যস্ততাৰ অজুহাততেই হঁওক বা মানসিক চাপৰ বাবেই হওঁক আটাইতকৈ উপেক্ষিত কথাটো হৈছে মানুহৰ সুখৰ "হাঁহি"| ক'ৰবাত যেন হেৰাই গৈছে, সঁচাকৈ আমি হাঁহিবলৈ পাহৰি গৈছো নেকি বাৰু? লক্ষ্মীনাথ বেজবৰুৱাই তাহানিতে আক্ষেপেৰে কৈছিল "অসমীয়া মানুহে হাঁহিব নাজানে"| বেজবৰুৱাদেৱে অসমীয়া সাহিত্যত বোৱাই অনা খুহুতীয়া তথা ব্যাংগাত্মক ৰচনাৰ ধাৰা বর্তমান অসমীয়া সাহিত্যত কিছু যেন ম্লান পৰি গৈছে | তাৰমাজতে "প্রান্তিকত" প্রকাশ পাইছিল ভৃংগেশ্বৰ শর্মাদেৱৰ "দৈনন্দিন" নামে কিছু লেখা যি একত্র সংকলন হিচাপে প্রকাশ পাইছিল ২০১১ চনত | দৈনন্দিনত আমাৰ মাজত হৈ থকা ঘটনাবোৰ ইমান সুন্দৰভাবে ব্যাংগত্মক ৰূপত প্রকাশ কৰিছে, মুহুর্ততে ই মানুহৰ খং ৰাগ পাহৰাই হাঁহিৰ মাজত সোমাই পৰিবলৈ বাধ্য কৰায়| পাঠকৰ সমাদৰৰ বাবেই "দৈনন্দিনৰ" আন দুটা খণ্ড ও প্রকাশ হৈ ওলাল | দৈনিক কামৰ মাজত অকনমান সময় উলিয়াই আহকচোন আমিও "দৈনন্দিনৰ" যোগেদি হাঁহিৰ ভাগ লওঁ|
বি.দ্ৰ.- লেখাটোৰ কিছু অংশ' 'ফটা ঢোল' নামৰ ই-আলোচনী খনৰ সম্পাদকীয়ৰ পৰা অনুপ্রানিত| প্রকাশৰ সময় ২০১৭ চন|