ফেলানী || Felanee || Arupa Kalita Patangia || Book Review

ফেলানী


প্ৰথমখন উপন্যাস 'অয়নান্ত'ৰ জৰিয়তেই নিজৰ সাহিত্যিক সৃষ্টিৰ স্থিতি অসমীয়া সাহিত্যত স-গৌৰৱেৰে দাঙি ধৰা ঔপন্যাসিক অৰূপা পটংগীয়া কলিতাৰ এখন সফল উপন্যাস "ফেলানী"। কিতাপ খন প্ৰথম প্ৰকাশ হৈ ওলাইছিল ২০০৩ চনত আৰু অতি কম দিনৰ ভিতৰতে জনপ্ৰিয় হৈ পৰা কিতাপ খনৰ পঞ্চম সংস্কৰণৰ মূল্য ১৮০ টকা।

স্বাধীন অসমৰ বাবে সংঘৰ্ষ, ভাতৃঘাতী সংঘৰ্ষ আদিৰে জৰ্জৰিত হোৱা এটা সময়ৰ যন্ত্ৰণাক্লিষ্ট মানুহৰ কাহিনীয়েই কিতাপ খনৰ মূল পটভূমি।মৌজাদাৰৰ ছোৱালী সমাজৰ চকুত বদনামী, ৰত্নমালাৰ আজোনাতি ফেলানী মালতী হোৱাৰ কাহিনী, ধঁপাতৰ পাত যেন খহটা  মালতীৰ মানুহজনৰ হাত খন তাইৰ মূৰৰ ওপৰৰ পৰা আঁতৰি যোৱাৰ পিছত একমাত্ৰ সন্তানক বুকুত সাৱটি তাই আৰম্ভ কৰা সংঘাটপূৰ্ণ কাহিনী কিতাপ খনত জীৱন্ত হৈ পৰিছে। অকথ্য নিৰ্যাতন সহ্য কৰিও নিতৌ দুবেলা দুমুঠি খাবৰ বাবে কঠোৰ শ্ৰম কৰিবলগীয়া হোৱা সেইসকল মানুহৰ সমষ্টিয়ে আচলতে ফেলানী যি দেখুৱাইছিল যে নিজৰ অস্তিত্ব ৰক্ষাৰ যুজঁ খনত জয়ী হবলৈ কোনো তথাকথিত ডাঙৰ মানুহৰ প্ৰয়োজন নাই। সময় সাপেক্ষে নিজৰ শক্তিৰে দেখুৱাব লাগিব সমাজক নিজৰ অধিকাৰ স্থিতি।

ফেলানী felanee felani
ফেলানী 

"ফেলানী'ৰ চৰিত্ৰবোৰৰ অৱস্থান সমাজে দূৰলৈ নিক্ষেপ কৰা মানুহবোৰৰ প্রতীক আনহাতে সমাজৰ কেন্দ্ৰক উপেক্ষা কৰাৰ, প্ৰান্তীয়তাৰেই নিজৰ অস্তিত্ব ঘোষণা কৰাৰ যি এক প্ৰক্ৰিয়া তাৰ ব্যঞ্জনাঋদ্ধ এক সত্তাৰ নামো 'ফেলানী'। 'ফেলানী'ৰ পৃথিৱী খনত অজস্ৰ চৰিত্ৰ আৰু বিচিত্ৰ ঘটনাৰ মাজেৰে নিষ্কৰুণ সমাজ-সত্য আৰু বাস্তৱৰ মুখামুখি হৈ পাঠকে যাত্ৰা কৰিব সামাজিক উপলব্ধিৰ অন্য এক সীমান্তৰ ফালে"।