ককাদেউতা আৰু নাতিল'ৰা
সাধু। লৰালি কালৰ এক সোণালী স্মৃতি।শিশুৰ কাল্পনিক জগত খনৰ আৰম্ভণি সাধুকথাৰ পৰাই, ৰজা ৰাণীৰ পৰা কথা কোৱা সেই জীৱ জন্তুৰ লৈকে। সাধুৰ জড়িয়তে শৈশৱত আমি নীতিশিক্ষাৰ পাঠ পঢ়িছিলোঁ। সাধুৰ লগতে জড়িত হৈ থাকে, ককা আইতা আৰু নাতি নাতিনীৰ এক মধুৰ সম্পৰ্ক,জোনাক নিশা চোতালত বহি, জাৰৰ দিনত জুই সেকি ককা আইতাৰ মুখৰ সাধু শুনাৰ আমাজেই সুকীয়া। আজিকালিৰ যুগত হয়তো এই আমেজ বোৰ কৰবাত হেৰাই গৈছে,কিন্তু আমাৰ মাজত সাধুৰ মাদকতা কমি যোৱা নাই এতিয়াও। শিশুৰ মাজত আজিও কিছু কিতাপে সাধুৰ জনপ্ৰিয়তা বজায় ৰাখিছে তাৰ মাজত হ'ল সকলোৰে প্রিয় সকলোৰে শৈশৱৰ লগৰী বুলিব পৰা লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ককাদেউতা আৰু নাতিল'ৰা।
ককাদেউতা আৰু নাতিল'ৰা |
২৯টা সাধুৰে আমাৰ শৈশৱক ৰঙীন কৰি তোলা এখন কিতাপ, য'ত ককা আৰু নাতিৰ এটি মধুৰ সম্পৰ্কৰ মাজৰে সাধু কেইটাৰ উপস্থাপন কৰা হৈছে। য'ত ককাৰ অভিমানৰ পৰা আৰম্ভ কৰি নাতিনিয়েকৰ ককালৈ মৰম আৰু ককাৰ মুখৰ সাধুৰ প্ৰতি আগ্ৰহ দেখিবলৈ পোৱা গৈছে। আৰু ককাকে সাধুৰ জৰিয়তে নীতিশিক্ষাও দিছে মাজে মাজে নাতিনিয়েকক,যাতে সি জীৱনৰ মূল্যবোধ বুজি উঠক। বুজি উঠক সি যাতে জীৱনৰ পথত সদায় শুদ্ধ দিশ বিচাৰ কৰিব পাৰে। যেনে আমি "এক হাতী আৰু ফেঁচাৰ কথা" সাধুতোৰ পৰা কেনেকৈ ফেঁচাটোৱে নিজৰ বুদ্ধিমত্তাৰে নিজৰ হাতী বন্ধুক বাঘৰ পৰা বছাইছিল সেইয়া জানিবলৈ পাম। বুদ্ধিৰে কাম কৰিলে সদায় বিপদৰ পৰা হাত সাৰিব পাৰি তাকে এই সাধুটোত বুজোৱা হৈছে। আৰু নোমল আৰু সোণপাহীৰ সাধুৰ পৰা আমি জানিব আৰু যে কেনেকৈ নোমল আৰু সোণপাহীয়ে ঘৰৰ পৰা অৱহেলিত হৈয়ো জীৱনৰ ওচৰত হাৰ নামানিলে কেনেকৈ সোণপাহীয়ে নিজৰ গিৰিয়েকৰ সাহস হৈ থিয় দিলে আৰু সিহঁতি নিজৰ কৰ্মৰ কৰি গ'ল আৰু সজ পথত চলি এদিন এখন ৰাজ্যেৰ ৰজা হ'ল। এনেকৈ আৰু বহুতো সাধু আছে য'ত জীৱনৰ আমোদৰ লগতে জীৱনৰ কিছু শিক্ষাও দিয়া হৈছে।
লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ এইখন সাধু কিতাপে শিশুৰ মনটোক ৰঙীন কৰি তোলে, ককা নাতিৰ দৰে সম্পৰ্ক বোৰ আমাৰ মনত সজীৱ কৰি তোলে।ইয়াৰ উপৰিও ইয়াত আমি লিখকৰ কল্পনাপ্ৰৱণতা বাৰুকৈ দেখিবলৈ পোৱা যায়,তেওঁ কল্পনাপ্ৰৱন লিখনিয়ে শিশু সকলক বাৰুকৈ আমেজ দিয়ে,তেওঁলোকৰ মাজতো কল্পনাৰ এখন পৃথিৱী গঢ় লৈ উঠে। যেনে সোণ বৰিষৰ সাধুটোত সেই ল'ৰাতোৰ মুখৰ পৰা সোন ওলোৱা, ৰাক্ষস পণ্ডিত সাধুটোত কেনেকৈ ৰাক্ষস টোয়ে পণ্ডিতৰ ভাও জুৰিছিল আৰু ভূত এওঁ বাঢ়নী,দেৱাংগভূষণ বস্ত্ৰ এই সাধুবোৰত লিখকৰ কল্পনাপ্ৰবন মনটোৰ ভালদৰেই উমান পোৱা যায়।অতিকৈ গুৰুত্বপূৰ্ণ যে লিখকে এই কিতাপ খনৰ জৰিয়তে শিশুক মনোৰঞ্জন আৰু শিক্ষা দুয়োটাই দিছে,যি বৰ্তমান সময়ত শিশুৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ।