মৃত্যুৰ সিপাৰে || Mrityur Sipare || Mrinal Kalita || Book Review

মৃত্যুৰ সিপাৰে


"প্ৰসিদ্ধ গণিতজ্ঞ জি এইচ হার্ডিয়ে লিখিছিল 'In a good proof there is a very high degree of unexpectedness , combined with inevitability and economy'. ভাল গল্পও তেনেকুৱাই-অপ্ৰত্যাশিত, অথচ অৱশ্যম্ভাৱী, আৰু মিতব্যয়ী"।এইয়া কিতাপৰ পাটনিতেই লেখকৰ মনৰ কিছু ভাৱ।

Mrityur Sipare

'বকুল ফুলৰ দৰে' কিতাপ খনেৰে অসমৰ নবীন-প্ৰবীণ সকলো পাঠকক সমানে মোহাচ্ছন্ন কৰি ৰখা লেখক শিক্ষাবিদ মৃণাল কলিতা দেৱৰ গল্পৰ সংকলন ' মৃত্যুৰ সিপাৰে'। ১৯৯৪-২০১৮ চন লৈকে  প্ৰায় ২৫ টা বছৰৰ ৩১ টা গল্পক সামৰি 'মৃত্যুৰ সিপাৰে' খন তেওঁৰ তৃতীয় সংকলন। 'অনুশীলন(২০০৯)', 'অযান্ত্রিক অনুশীলন (২০১১)'ৰ গল্প সমূহৰ লগতে ১০টা নতুন গল্প যোগ হৈ এইখন সংকলন প্ৰথম প্ৰকাশ হৈছিল ২০১৮ চনত আৰু কিতাপ খনৰ বৰ্তমান মূল্য ২৫০ টকা।


নব্বৈ দশকৰ পিছৰ পৰা নিজস্ব শৈলীৰ মৌলিকতা, ভাৱপ্ৰৱণতা, আবেগপ্ৰৱণতা,সামগ্ৰিক বিষয়বস্তুৰ ব্যতিক্ৰমী উপস্থাপন, মৃণাল কলিতা দেৱৰ গল্প সমূহৰ অন্যতম বৈশিষ্ট্য।সেয়েহে হয়তো প্ৰতিটো গল্পই কৰবাত নহয় কৰবাত পাঠকৰ অন্তৰত সৃষ্টি কৰে আৱেগৰ ঢৌ।

"ভালপোৱাই মানুহক জীয়াই ৰাখে। নিৰাশাৰ মাজতো মানুহ নতজানু হয় ভালপোৱাৰ ওপৰতেই।ভালপোৱা থাকিব-মানুহ থাকিব:গল্প থাকিব।পৃথিৱীৰ অজস্ৰ গল্পৰ মাজত মইও যোগ হয়তো যোগ দিছো ক্ষুদ্ৰ দুটামান গল্প- হয়তো ভালপোৱাৰেই গল্প।"

কিতাপ খনত থকা ৩১টা গল্পৰ ভিতৰত 'অসুখ' আৰু 'মৃত্যুৰ সিপাৰেও জীৱন আছে!' এই গল্পৰ বিষয়ে চমু আভাষ দিবলৈ চেষ্টা কৰা হৈছে।
অসুখ: (ৰচনাকাল ২০০৭)
'মানুহে কি ক'ব', 'সমাজে হাঁহিব', 'সমাজে এঘৰীয়া কৰিব'- বহুজনৰ বহু সপোন,আশা হয়তো বহু জীৱন কাঢ়ি নিয়া কেইটামান অবান্তৰ চিৰবিৰাজমান উক্তি।জাত-পাত,ধৰ্ম,সংস্কাৰ আদিৰ বাবেই আমি হেৰুৱাই পেলাওঁ বহু সময়ত বুকুৰ আপোনজনক। একবিংশ শতিকাৰ আধুনিক যুগটো কিন্তু এচাম মানুহ এতিয়াও মুক্ত হব পৰা নাই এই সংকীৰ্ণতাৰ পৰা। এই গল্পটোও ৰচিত হৈছে তেনে এক দুৰ্ভগীয়া অথচ জাত-পাত,ধৰ্ম,সমাজে হাত ভৰি বান্ধি দিয়া পিতৃৰ মৰ্মবেদনাক লৈ।পাৰিবনে ঘূৰাই দিব সংস্কাৰ,ধৰ্ম-কৰ্মৰ কুটিল গহ্বৰত বান্ধ খাই থকা সমাজখনে এইজন দুৰ্ভগীয়া,পুত্ৰক হেৰুৱাই মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱা পিতৃক তেওঁৰ পুত্ৰক উভতাই?

নিশ্চয় কৈ পঢ়িব : অসীমত যাৰ হেৰাল সীমা(গ্ৰন্থ আভাস)

নিশ্চয় কৈ পঢ়িব : অৰুণিমাৰ স্বদেশ(গ্ৰন্থ আভাস)

মৃত্যুৰ সিপাৰেও জীৱন আছে! (ৰচনাকাল ২০১৬)
"মৃত্যুতেই সকলো শেষ নহয়, মৃত্যুৰ সিপাৰেটো জীৱন থাকে- হয়তো অন্য কোনোবা ঠাইত। মৃত্যু মাথোঁ এক নতুন আৰম্ভণি"। সম্ভৱ জানো এই ধাৰণা? এনে এটা বিষয় বস্তুৰ ওপৰত ভিত্তি কৰিয়ে ৰচনা কৰা এটা ব্যতিক্ৰমী গল্প।মিছৰৰ পিৰামিডৰ আশ্চৰ্যকৰ তথ্য , বিভিন্ন দাৰ্শনিকৰ তত্ব যুক্তি সহকাৰে দি মৃত্যুৰ পিছত জীৱন সম্পৰ্কৰ যুক্তি তিৰষ্কৃত এজন গণিতৰ অধ্যাপকৰ কথাৰে এই গল্প। বিশ্বব্ৰহ্মাণ্ড বিজ্ঞানে কোৱাতকৈও যথেষ্ট ৰহস্যময় বুলি ভবা মানুহজনে বিশ্বাস কৰিছিল যে এদিন আচম্বিতে উৎকৰ্ষ সাধন হ'ব আৰু জন্মৰ পৰা বিকলাংগ একমাত্ৰ ছোৱালীজনী সুস্থ হৈ উঠিব। মৃত্যুৰ প্ৰাকমুহূৰ্তত সেয়ে তেওঁ ছোৱালীজনীক বুকুত সাৱটি কৈ উঠিছিল "আকৌ লগ হ'ম,আকৌ লগ হ'ম।কি ঠিক! কি ঠিক!"