হৃদয় এক বিজ্ঞাপন || Hriday Ek Bigyapan || Anuradha Sharma Pujari || Book Review

হৃদয় এক বিজ্ঞাপন

" নাহৰৰ নিৰিবিলি ছাঁ", " চাহেবপুৰাৰ বৰষুণ" কে আদি কৰি প্ৰায় শতাধিক অমৰ সৃষ্টিৰে খ্যাতনামা লেখক অনুৰাধা শৰ্মা পূজাৰীৰ জীৱনৰ প্ৰথম খন উপন্যাস হল " হৃদয় এক বিজ্ঞাপন"। কিতাপ খন প্ৰথম প্ৰকাশ হৈছিল ১৯৯৮ চনত। ২০১৭ চনৰ দশম সংস্কৰণটিৰ মূল্য ৮০ টকা


hriday ek bigyapan,anuradha sarmah pujari,assamese novels

Hriday Ek Bigyapan


মূলতঃ কলিকতাৰ এটা পটভূমিত জন্ম হোৱা কিতাপ খনত বিচ্ছুৰিত হৈছে ' এডকন ক্ৰিয়েটিভ' এটা বহুজাতিক বিজ্ঞাপন কোম্পানীত 'ভাস্বতী' নামৰ কিতাপৰ মূলচৰিত্ৰ টোৱে লগ পোৱা ভিন্ন মানুহৰ ভিন্নৰঙী জীৱনৰ ছবি। প্ৰতিপত্তিশীল স্বামী প্ৰয়াগৰ যোগেদিয়ে পোৱা চাকৰি টোত যোগদান কৰি ভাস্বতীয়ে দেখিছিল মহানাগৰিকৰ জীৱন সংগ্ৰাম, মুখাৰ আঁৰৰ মুখ, ভৎসর্না, বঞ্ছনা, মহানগৰীৰ জীৱনে ক্ৰমে যন্ত্ৰৱত কৰি অনা মানুহৰ জীৱন, প্ৰখৰ মেক্-আপৰে আপাত দৃষ্টিত সুন্দৰ, নিখুঁত কিন্তু ভিতৰি কুৎসিত সুনন্দা সাহানীৰ দৰে লোক সমাজত সহজলভ্য। আনহাতে সমাজে বদনামী সজোৱা মহুৱাৰ দৰে ছোৱালীৰ ৰঙীন সুন্দৰ পৃথিৱী খন লেখকে কৌশলেৰে দাঙি ধৰিছে।
কিতাপ খন সন্দৰ্ভত হোমেন বৰগোহাঞি দেৱে কৈছিল এইদৰে
" উপন্যাস খনৰ বিষয় বস্তু অসমীয়া উপন্যাসত নতুন।এই বিষয় বস্তুৰ জৰিয়তে লেখিকাই অসমীয়া উপন্যাসৰ দিগন্ত বিস্তৃত কৰাৰ উপৰিও আধুনিক জীৱনৰ এনে কিছুমান মৌলিক প্ৰশ্ন আৰু সমস্যা উপস্থাপন কৰিছে যিবোৰ আন কোনো অসমীয়া লেখকে কৰা নাই"